নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অবৈধ বেদখলকাৰীৰ বিৰূদ্ধে ৰাজ্যজুৰি কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে ধুবুৰী চহৰৰ বিভিন্ন পাৰঘাটৰ চৰকাৰী মাটিত অবাধে দোকান-পোহাৰ গঢ়ি উঠিবলৈ লোৱা দেখা গৈছে। উল্লেখ্য যে, ধুবুৰী চহৰখনৰ এফালেৰে বৰলুইত বৈ যোৱাৰ বিপৰীতে অইন ফালে আছে গদাধৰ নৈ। চহৰখনত এই নৈ দুখনৰ আছে কেইবাটাও পাৰঘাট। খৰালিত নৈৰ পানী শুকাই যোৱাৰ পিছত বিস্তৃতি বৃদ্ধি পোৱা সেই পাৰঘাটবোৰৰ অধিকাংশতে বিভিন্ন ধৰণৰ অস্থায়ী দোকান গঢ়ি উঠাটো বৰ্তমানে এক স্বাভাৱিক পৰিঘটনাৰ পৰিণত হৈছে ধুবুৰীত। কিন্তু উল্লেখনীয় বিষয় এয়াও যে সেই পাৰঘাটবোৰৰ অধিকাংশতে আছে সৰু-বৰ স্থায়ী দোকানে। আনকি খোদ ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্য্যালয় সমীপৰ বৰলুইতৰ পাৰঘাটৰ এক বিস্তীর্ণ অঞ্চলতো সৃষ্টি হ’বলৈ দেখা গৈছে বজাৰ সদৃশ এক পৰিৱেশৰ। ফলত চৰকাৰী খাচ মাটিত থকা সেই হোটেল, মোবাইল ৰিপিয়াৰিং, গেলামাল আদিকে ধৰি সেই দোকানবোৰৰ পৌৰসভাৰ ব্যৱসায়িক অনুজ্ঞা পত্ৰকে ধৰি সংশ্লিষ্ট চৰকাৰী বিভাগবোৰৰ অনুমোদন পত্ৰ আছে নে নাই বুলিও উত্থাপিত হৈছে এক প্ৰশ্নৰ। ইপিনে বেলি ডুবিলেই ধুবুৰী চহৰৰ মাজমজিয়াৰ কেইটামান পাৰঘাটৰ কেইটামান হোটেলত সুৰাপায়ীৰ আড্ডা বহাৰো আছে দীৰ্ঘদিনীয়া অভিযোগে। তাৰেই প্ৰেক্ষাপটত ৰাজ্য চৰকাৰৰ বিপৰীত স্থিতিত অৱস্থান কৰি ধুবুৰী জিলা প্ৰশাসনে চহৰখনৰ পাৰঘাটবোৰৰ চৰকাৰী মাটিত গঢ়ি উঠা সেই দোকান-পোহাৰবোৰৰ প্ৰতি নমনীয় স্থিতি গ্ৰহণ কৰাৰ কাৰণ কি বুলিও কিন্তু উচ্চাৰিত হৈছে আন এক প্ৰশ্নৰ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী