নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্লিপ্ত বন বিভাগ : যোৰহাটত বালিৰ অবাধ খনন

বাৰ্তা ব্যুৰো, ৭ আগষ্ট : কৈনো কৈ থাকিলে ওৰকে নপৰে যোৰহাটৰ বন বিভাগৰ কথা। বিভাগটোত এনে কৰ্ম কাণ্ড চলি আছে যিবোৰ দেখিলে শুনিলে প্ৰশ্ন হয়, যোৰহাটত বন বিভাগৰ অস্তিত্ব আছে নে। বালি, কাঠ, কয়লা আদিৰ পৰা কমিচন লবলৈহে বহি আছে নেকি এচাম বিষয়া। বিগত প্ৰতিবেদন সমূহত সবিশেষ উল্লেখ কৰা হৈছে কেনেকৈ ৰাইজ, চাহ নিগম আদিৰ আপত্তিৰ পাছতো বন বিভাগে বালি খননৰ পাৰ্মিত দিছে। কোনো পাৰ্মিট নোহোৱাকৈ অবৈধ আৰু চোৰাংভাবে ভোগদৈৰ বুকু বিদাৰি বালি মাটিৰ খনন কৰি আছে বন বিভাগৰ চকুৰ আগতে। নদীৰ বুকুত জে চি বি, ডাম্পাৰ নমাই নদীখনৰ যি অৱস্থা কৰিছে সেয়া নেদেখিলে অনুমান কৰিব নোৱাৰি। মৰিয়নি বন সংমন্দলৰ অধীনত বালিৰ সৰ্বাধিক অবৈধ আৰু চোৰাং খনন চলি আছে। পুখুৰীয়া ঘাট, এম ই এছ ঘাট, কাটনি বাৰী ঘাট এইবোৰ হৈছে গিবন অভয়াৰণ্যৰ সমীপত আৰু গ্ৰীণ ট্ৰিবোনেলে বন্ধ কৰা এলেকা। তাত কিন্তু কাহিলী পুৱাৰ পৰা ব্যাপক বালিৰ খনন হয়। আকৌ সন্ধ্যাৰ ভাগত চলে চোৰাং খনন। একেদৰে মৰিয়নি ৰেনজৰ অধীনয় চলি আছে বহু অবৈধ কাঠ ফলা মিল। নিউ সোণোৱাল, নাগাজাংকা, এন এফ টি তিনিআলি, জংঘল ব্লক, ন কছাৰী, ষ্টেচন তিনিআলি, দেৱেৰা পাৰ চাৰি আলি, মৰঙীয়াল, হেমলাই আদি অঞ্চলত বন বিভাগৰ আশীৰ্বাদত চলি আছে অবৈধ কাঠ ফলা মিল। এনেবোৰ কৰ্ম কাণ্ড দেখি ৰাইজৰ মনলৈ স্বাভাৱিকতে প্ৰশ্ন আহিছে, যোৰহাট জিলাত বন বিভাগৰ অস্তিত্ব আছে নে।

 

প্ৰেৰক প্ৰদীপ বৰা

You might also like