নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী এছবিআইৰ সমীপত টেম্পোৰ অবৈধ পাৰ্কিং আস্থান!

নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ ধুবুৰী পৌৰসভা এলেকাৰ এটা যাত্ৰীৱাহী টেম্পোৰ পাৰ্কিং আস্থানক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পোৱা গৈছে অঞ্চলটোৰ ৰাইজৰ মাজত। উল্লেখ্য যে, চহৰখনৰ ষ্টেট বেংকৰ মূল শাখাৰ সমীপৰ সেই পাৰ্কিং আস্থানৰ সমীপতে আছে ধুবুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু বি. চি. মেমোৰিয়েল গাৰ্লছ এম.ই.স্কুল নামৰ দুখনকৈ চৰকাৰী বিদ্যালয়। ইপিনে চহৰখনৰ ব্যস্ততম সেই অঞ্চলত কোনো ধৰণৰ নিয়ম-নীতি নমনাকৈ একাংশ চালকে যধে মধে টেম্পো ৰখাই যাত্ৰী নমোৱা-উঠোৱা কৰাৰ ফলত সেই বিদ্যালয় দুখনৰ সন্মুখৰ ৰাজপথ চোৱাত সদায়েই এক বিশৃৃংখল পৰিৱেশৰ সৃষ্টি হোৱাটো বৰ্তমানে এক স্বাভাৱিক পৰিঘটনাত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে। ইয়াৰ মাজতে আকৌ চহৰখনৰ ১নং ৱাৰ্ডৰ সেই টেম্পোৰ পাৰ্কিং আস্থানটো বৈধ নে অবৈধ সেই প্ৰশ্নও উত্থাপিত হৈছে। যদিহে এছবিআইৰ কাষৰ পথচোৱা যাত্ৰীবাহী টেম্পোৰ পাৰ্কিং আস্থান ৰূপে ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হৈছে তেতিয়া হ’লে তাৰ বিনিময়ত ধুবুৰী পৌৰসভা কৰ্তৃপক্ষই পাৰ্কিং মাচুল আদায় কৰি আছে নে নাই সেই প্ৰশ্নৰ সমান্তৰালকৈপাৰ্কিং কৰাৰ বাবে কি কি নিয়মাৱলী বান্ধি দিয়া হৈছে সেয়াও এক প্ৰশ্ন ৰূপে উঠি আহিছে। তাৰোপৰি কাৰ্যালয় খোলা থকা দিনত অঞ্চলটোৰ দুখনকৈ চৰকাৰী বিদ্যালয়ৰ সন্মুখৰ ৰাজপথত সৃষ্টি হোৱা জানজোঁট আৰু বিশৃঙ্খলাময় পৰিৱেশৰ দূৰ কৰাৰ বাবে যানবাহনহোৱাটো বৰ্তমানে এক স্বাভাৱিক পৰিঘটনাত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে। ইয়াৰ মাজতে আকৌ চহৰখনৰ ১নং ৱাৰ্ডৰ সেই টেম্পোৰ পাৰ্কিং আস্থানটো বৈধ নে অবৈধ সেই প্ৰশ্নও উত্থাপিত হৈছে। যদিহে এছবিআইৰ কাষৰ পথচোৱা যাত্ৰীবাহী টেম্পোৰ পাৰ্কিং আস্থান ৰূপে ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হৈছে তেতিয়া হ’লে তাৰ বিনিময়ত ধুবুৰী পৌৰসভা কৰ্তৃপক্ষই পাৰ্কিং মাচুল আদায় কৰি আছে নে নাই সেই প্ৰশ্নৰ সমান্তৰালকৈপাৰ্কিং কৰাৰ বাবে কি কি নিয়মাৱলী বান্ধি দিয়া হৈছে সেয়াও এক প্ৰশ্ন ৰূপে উঠি আহিছে। তাৰোপৰি কাৰ্যালয় খোলা থকা দিনত অঞ্চলটোৰ দুখনকৈ চৰকাৰী বিদ্যালয়ৰ সন্মুখৰ ৰাজপথত সৃষ্টি হোৱা জানজোঁট আৰু বিশৃঙ্খলাময় পৰিৱেশৰ দূৰ কৰাৰ বাবে যানবাহন আৰক্ষীয়ে পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা থকা বুলি মত প্ৰকাশ কৰা পোৱা গৈছে সচেতন মহলবোৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like