নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱত অবৈধ কাঠ মিলত চলিল বন বিভাগৰ বুলড’জাৰ

ডিজিটেল ডেস্ক, ৫ জুলাই : ৰাজ্যৰ বনমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি অবৈধ কাঠ ফলা মিল উচ্ছেদ আৰু অবৈধ কাঠ জব্দ কৰাৰ যি অভিযান চলিছে, সেই সময়তে ৰাজ্যৰ আন ঠাইৰ লগতে কোকৰাঝাৰ জিলাৰ কচুগাঁও বন সংমণ্ডলেও অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰাৰ লগতে কাঠ মিলত মজুত কৰি ৰখা বিপুল পৰিমাণৰ কাঠ জব্দ কৰিছে।

শনিবাৰে ভাওৰাগুৰিৰ মান্দাৰপাৰাত থকা এটা কাঠৰ মিলত বুলড’জাৰ চলোৱা পৰিলক্ষিত হয়।কচুগাঁও বন সংমণ্ডলৰ গোসাঁইগাঁও ডিপো অফিচাৰ তথা ৰেঞ্জাৰ দীপক বসুমতাৰীৰ নেতৃত্বত বন বিভাগৰ এটা দলে বুলড’জাৰেৰে কাঠৰ মিলটো উৎখাত কৰে আৰু মিলত মজুত ৰখা কাঠসমূহ জব্দ কৰি লৈ যায়।

এই অভিযানৰ বিষয়ে ৰেঞ্জাৰ বসুমতাৰীয়ে কয় যোৱা তিনি-চাৰি দিন ধৰি আমি নিয়মীয়া অভিযান চলাই একাধিক অবৈধ কাঠৰ মিল উচ্ছেদ কৰাৰ লগতে বহু পৰিমাণৰ অবৈধ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এই অভিযান অব্যাহত থাকিব বুলিও বন বিষয়াগৰাকীয়ে জনায়।

You might also like