নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোহাৰঘাটৰ ভোলাগাঁৱত অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ

পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ভোলাগাঁও অঞ্চলটোত কালি সন্ধিয়া লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি ডেকাৰ নেতৃত্বত যোৱা এটি বনকৰ্মীৰ দলে এএছ-১২ ই-৬৪০১ নম্বৰৰ এখন কাঠভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। এই চোৰাং কাঠভৰ্তি ট্ৰাকখন জব্দ কৰাৰ সময়ত ভোলাগাঁৱত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। এই ট্ৰাকখন সন্দৰ্ভত কোনে বন বিভাগক জনাইছে বুলি বন বিভাগক উভতিও ধৰে একাংশই। ঘটনাস্থলীত বহু সময় ধৰি বাকবিতণ্ডা চলে। কাঠভৰ্তি বাহনখন জব্দ কৰাত অঞ্চলটোত দেখা দিয়া পৰিস্থিতিত লোহাৰঘাটৰ বন বিভাগৰ বিষয়া ডেকাই পশ্চিম আৰু পূব কামৰূপ বন সংমণ্ডলৰ কুলসী, ৰাণীৰ পৰা বনকৰ্মীৰ দল আনিহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। লগতে এই বাহনখন জব্দ কৰি লোহাৰঘাটৰ বন বিভাগৰ কাৰ্যালয়ত ৰাখে।

খবৰ মতে, এই চোৰাং কাঠভৰ্তি ট্ৰাকখন চুবুৰীয়া মেঘালয়, জিৰাং আদি কোনো ঠাইৰ পৰা ৰাণী আৰক্ষীৰ অন্তৰ্গত শুকুৰবেৰীয়া, পাগেলী বাগান হৈ নালাপাৰা, জয়পুৰ আদি কোনো ঠাইৰে  কোনো ব্যৱসায়ীয়ে ভোলাগাঁৱলৈ আনে। উল্লেখ্য যে আৰক্ষী প্ৰশাসন, বন বিভাগৰ একাংশ লোক তথা একাংশ দল-সংগঠনৰ লোকক মেনেজ কৰি সঘনাই পলাশবাৰী আৰু ৰাণী আৰক্ষী থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী উক্ত স্থানৰ লগতে উমচুৰ, বাখালাপাৰা আদি কেইবা ঠাইৰ দুৰ্গম অঞ্চলেৰে মেঘালয়ৰ জিৰাং, পাথাৰখামা আদি ঠাইৰ পৰা ভোলাগাঁও, বৰিহাট, মুছলিম সৰপাৰা, মিৰ্জা, পলাশবাৰী, দখলা আদি ঠাইলৈ এইদৰে একাংশ ব্যৱসায়ীয়ে চোৰাং কাঠৰ এক ৰমৰমীয়া বেপাৰ গঢ়ি তুলিছে।

নিয়মীয়া বাৰ্তা, পলাশবাৰী, ৮ জানুৱাৰী :

You might also like