নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত সন্দেহজনক নাগৰিকৰ অবৈধ বেহা!

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জানুৱাৰীঃ জালুকবাৰী এলেকাত বহু সন্দেহজনক নাগৰিকৰে ভৰি পৰাৰ পিছতো মহানগৰ আৰক্ষীৰ নির্বিকাৰ ভূমিকাই ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ যে জালুকবাৰীৰ মূল পথ-পদপথ দখল কৰি দৈনিক বহে চাৰি শতাধিক দোকান৷ ফলমূল, পাচলি, মাছ, চানা আদিকে ধৰি বিভিন্ন অস্থায়ী দোকানীৰ অধিকাংশই সন্দেহজনক নাগৰিক বুলি গুৰুতৰ অভিযোগ উঠিছে৷ স্থানীয় সচেতন লোকসকলে কৰা অভিযোগ অনুসৰি, জালুকবাৰীত ভাৰাতীয়া হিচাপে থকা এইসকল ব্যবসায়ীৰ আচৰণ অতি সন্দেহজনক৷ বহুসংখ্যকে আকৌ অসমীয়া ভাষাই নাজানে৷ সুধাকণ্ঠৰ সমাধিৰ দদাতিকে ধৰি জালুকবাৰীৰ উৰণীয়া সেতুৰ তলে–ওপৰে, ৰেডিছন ব্লুৰ দাঁতিৰ পৰা উত্তৰ জালুকবাৰীলৈ বিস্তৃত এইসকল সন্দেহজনক নাগৰিকৰ কোনো তথ্যই নাই আৰক্ষীৰ ওচৰত৷ আনহাতে, স্থানীয় একাংশ লোকে কেইটামান টকাৰ মোহত কোনো বাচ–বিচাৰ নকৰাকৈ এইসকল লোকক থাকিবলৈ সুবিধা দিছে৷ যাৰ ফলত জালুকবাৰী থানা এলেকাত দৈনিক চুৰি, ডকাইতি, পকেট মাৰকে ধৰি বিভিন্ন অসামাজিক কার্যকলাপ বৃদ্ধি পাই আহিছে৷ আনহাতে, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্রৰ দাঁতিতে গঢ়ি উঠা অবৈধ ব্যৱসায়ৰ বাবে সমাধিৰ চৌদিশ কদর্যময় হৈ পৰাৰ লগতে সমাধি ক্ষেত্রলৈ অহা দর্শনার্থীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে৷ জানিব পৰা মতে, জালুকবাৰীৰ পথৰ দাঁতি, পদপথ কিম্বা উৰণীয়া সেতুৰ ওপৰত অস্থায়ী দোকান–পোহাৰ দিয়াৰ ক্ষেত্রত মহানগৰ আৰক্ষী আৰু গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা নিষেধাজ্ঞা আৰোপ কৰা আছে৷ তাৰ পিছতো সাধাৰণ নাগৰিকৰ চলাচল তথা যান-বাহনৰ স্বাভাৱিক যাতায়ত ব্যাহত কৰি কিদৰে চাৰিশতাধিক দোকান-পোহাৰ গঢ়ি উঠিছে সেয়া ৰহস্যৰ বিষয়৷ নে ইয়াৰ আঁৰত কোনো গোপন বুজাবুজি আছে৷ সেয়া এতিয়া সাধাৰণ ৰাইজৰ প্রশ্ন৷

You might also like