নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগান বাহিনীৰে বেংগালুৰুত আজি টীম ইণ্ডিয়াৰ অন্তিম টি-২০

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জানুৱাৰীঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজৰ তিনিখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন মেচ আজি বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে প্রথম দুয়োখন মেচতে জয়লাভ কৰি শৃংখলা হস্তগত কৰা ভাৰতে আজিৰ মেচখনতো জয়লাভ কৰি হেট্রিক অর্জন কৰাৰ লক্ষ্য লৈছে৷ জুন মাহত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পূর্বে এইখনেই হ’ল টীম ইণ্ডিয়াৰ অন্তিমখন মেচ৷ গতিকে আই চি চিৰ সন্মানীয় প্রতিযোগিতাখনৰ বাবে সম্পূর্ণৰূপে সাজু হোৱাৰ লক্ষ্য লৈছে ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ শৃংখলাটোৰ প্রথম দুখন মেচত কোনো ৰান নকৰাকৈ বিদায় লোৱা অধিনায়ক ৰোহিত শর্মাৰ প্রদর্শনে কিছু চিন্তিত কৰি ৰাখিছে ভাৰতীয় দলটোক৷ অৱশ্যে কাইলৈৰ অন্তিমখন মেচত অধিনায়কগৰাকীয়ে বিস্ফোৰক ইনিংছ খেলিব বুলি আত্মবিশ্বাসী সতীর্থসকল৷ আনহাতে, যশস্বী জয়ছোৱাল আৰু শিৱম ডুবেৰ প্রদর্শনক লৈ সন্তুষ্ট ভাৰতীয় শিবিৰ৷ প্রথম দুয়োখন মেচতে শিৱম ডুবেই অর্ধশতকীয় ইনিংছ খেলি টি-২০ বিশ্বকাপৰ বাবে নিজকে সাজু বুলি ইংগিত দিছে৷

খেলৰ সময়ঃ নিশা ৭ বজা

You might also like