🔹 গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সংযোগৰ নতুন মোৰ
বিশেষ বাৰ্তা, ২২ মার্চ : লোকসভাত কংগ্রেছৰ উপ–দলপতি তথা সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্নৰ পাকিস্তানৰ সৈতে সম্পর্কক লৈ অসম আৰক্ষীৰ এছআইটিয়ে নতুন তথ্য লাভ কৰিছে৷ গোচৰটোৰ উপযুক্ত তদন্তৰ বাবে দ্বিতীয়বাৰলৈ দিল্লীলৈ যোৱা এছআইটিৰ দলটোৱে এনে তথ্যৰ আঁত ধৰি অভিযানত নামি পৰিছে৷ এছআইটিৰ বিশেষ সূত্রই সদৰী কৰা মতে, এছআইটিৰ দলটোৱে দিল্লীস্থিত ‘লীড ইণ্ডিয়া’ নামৰ প্রতিষ্ঠানটোৰ কার্যালয়ত অভিযান চলায়৷ অভিযানৰ সময়ছোৱাত এলিজাবেথ কলবার্নৰ পাকিস্তানৰ ৰাজধানী ইছলামাবাদ ভ্রমণ সন্দর্ভত বহু গুৰুত্বপূর্ণ নথি–পত্র জব্দ কৰা হৈছে৷ অৱশ্যে কি ধৰণৰ নথি–পত্র দলটোৱে জব্দ কৰিছে, সেয়া এতিয়ালৈকে আনুষ্ঠানিকভাৱে সদৰী কৰা নাই৷ উল্লেখ্য যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্নে কাম কৰা স্বেচ্ছাসেৱী সংগঠনটোৰ সৈতে দীর্ঘ সময় ধৰি জড়িত আছিল পাকিস্তানী নাগৰিক তথা দেশখনৰ চোৰাংচোৱা সংস্থা আইএছআইৰ ঘনিষ্ঠ আলী তৌকিৰ শ্বেখ৷ ইয়াৰ আলম লৈয়ে বিগত ২০১৪ চনৰ পৰা ২০১৮ চনলৈ আলী তৌকিৰ শ্বেখে কেইবাবাৰো ভাৰত ভ্রমণ কৰাই নহয়, ভ্রমণৰ সময়ত তেওঁৰ সৈতে পাকিস্তান চৰকাৰৰ লগত জড়িত থকা কেইবাজনো ব্যক্তিক লগত আনিছিল৷ সেইসকলৰ ভিতৰত পাকিস্তানৰ এটর্নী জেনেৰেলো আছিল৷ এছআইটিয়ে ইতিমধ্যে এলিজাবেথ কলবার্নৰ পাকিস্তান সম্পর্কক লৈ চলোৱা তদন্তত বহু গুৰুত্বপূর্ণ তথ্য লাভ কৰাৰ পাছত শেহতীয়াকৈ মিহিৰ ভাট নামৰ আন এজন ব্যক্তি জড়িত হৈ থকাৰ তথ্যও লাভ কৰিছে৷ সূত্রটোৱে সদৰী কৰা মতে, আহমেদাবাদৰ বাসিন্দা মিহিৰ ভাটে এলিজাবেথ কলবার্নক ইছলামাবাদলৈ যোৱাৰ সময়ত সংগ দিছিল৷ উক্ত তথ্যৰ আধাৰতে ঘটনাটোৰ সত্যাসত্য নিৰূপণৰ বাবে এছআইটিৰ দলটো আহমেদাবাদলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে৷ মিহিৰ ভাটক আহমেদাবাদত এছআইটিয়ে মাৰাথন জেৰা চলাব বুলি সূত্রটোৱে জনাইছে৷ মন কৰিবলগীয়া যে গোচৰটোৰ আঁৰৰ অন্যতম পাকিস্তানৰ পৰিকল্পনা আয়োগৰ প্রাক্তন অধ্যক্ষ আলী তৌকিৰ শ্বেখে ২০১৮ চনলৈকে বিভিন্ন বিষয়ত সামাজিক মাধ্যমযোগে নিজৰ মত প্রকাশ কৰিছিল৷ পাকিস্তানী নাগৰিকৰ সৈতে থকা ঘনিষ্ঠতাক লৈ এছআইটিয়ে ইতিমধ্যে ড০ নূপুৰ বৰুৱা আৰু জেএনইউৰ অধ্যাপক ৰূপে কর্মৰত তেওঁৰ স্বামী অনির্বাণ গাংগুলীৰ লগতে ছায়া ভাণ্টি নামৰ আন এগৰাকী পৰিৱেশ কর্মীকো ইতিপূর্বে এছআইটিয়ে জেৰা চলাইছে৷ তাৰ পাছতে মিহিৰ ভাট নামৰ আন এজন লোকৰ উক্ত গোচৰটোৰ সৈতে থকা সম্পর্কক লৈ স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এছআইটিৰ তদন্ত সম্পূর্ণ হোৱাৰ পাছতহে সকলো তথ্য পোহৰলৈ আহিব৷