বিশেষ বাৰ্তা, ২১ আগষ্ট : নাৰ্কো সমন্বয় কেন্দ্ৰ (NCORD) প্ৰণালীৰ অধীনত জিলা পৰ্যায়ৰ সমিতিৰ বৈঠক আজি তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। বৈঠকত জিলাখনত ড্ৰাগছৰ অপব্যৱহাৰ আৰু নিচাজাতীয় সামগ্ৰীৰ সেৱন তথা ব্যৱসায় ৰোধ কৰিবৰ বাবে লব পৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে জিলাখনত ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰিবৰ বাবে আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বিতংভাৱে বুজ লয়। জিলাখনত থকা চৰকাৰী-বেচৰকাৰী নিচামুক্তি কেন্দ্রৰ বিষয়ে আলোচনা কৰাৰ লগতে এই নিচামুক্তি কেন্দ্রসূহৰ মান উন্নত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয় তথা মহাবিদ্যালয় পৰ্য্যায়ত ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ অপকাৰিতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী, যুৱপ্ৰজন্ম আৰু অভিভাৱকসকলক এই সজাগতা কাৰ্য্যসূচীত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মন্তব্য আগবঢ়ায়। আনহাতে, সকলো বিদ্যালয় তথা মহাবিদ্যালয়ত গঠন হোৱা “প্ৰহৰী” ক্লাবৰ সৈতে এন চি চি আৰু এন এছ এছৰ সদস্যসকলকো জড়িত কৰাৰ পৰামৰ্শ আগবঢ়ায়। জিলাখনত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ সেৱনৰ হটস্পট হিচাপে পৰিগণিত হোৱা এলেকাত তথা গাওঁসমূহত সজাগতা সৃষ্টিৰ লগতে সংশ্লিষ্ট বিভাগসমূহক চোকা দৃষ্টি ৰাখিবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে ৷
প্ৰেৰক বিবেক বড়া