নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২ত অসমে ল’ব ১৪ হাজাৰ কোটি টকাৰ ঋণ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ অসম চৰকাৰে ঋণ লোৱাৰ প্রসংগক লৈ বিৰোধীকে ধৰি একাংশই ইছ্যু কৰাৰ বিষয়টো সন্দর্ভত সদনত সৰৱ হৈ পৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ বিক্রী কৰ আৰু অন্যান্য কৰ শিতান সন্দর্ভত সদনত কর্তন প্রস্তাৱৰ ওপৰত হোৱা আলোচনাকালত বিৰোধীৰ একাংশই ৰাজ্য চৰকাৰে ঋণ লোৱাক লৈ সমালোচনাত সৰৱ হৈ পৰে৷ ইয়াৰ উত্তৰ দি সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰে নিজৰ ইচ্ছা অনুসৰি কোনো ঋণ ল’ব নোৱাৰে৷ কেন্দ্রীয় চৰকাৰ, ৰিজার্ভ বেংক আৰু বিধানসভাৰ অনুমতি লৈহে চৰকাৰে ঋণ ল’ব পাৰে৷ পূর্বৰ সদনত অসম বিধানসভাই অসম চৰকাৰৰ জিডিপিৰ ওপৰত ৩.৫ শতাংশ ঋণ লোৱাত অনুমতি দিছে৷ সেই সময়ত এই বিধেয়ক উত্থাপনৰ সময়ত কোনেও কোনো সংশোধনী পর্যন্ত অনা নাছিল৷ উক্ত বিধানসভাতেই ৰাজ্য চৰকাৰক তিনি শতাংশৰ পৰা ৩.৫ শতাংশলৈ ঋণ লোৱাৰ অনুমতি প্রদান কৰে৷ বিৰোধীয়ে ৰাজ্য চৰকাৰক ঋণ লোৱাক লৈ সমালোচনা কৰে৷ কিন্তু সম্পদ বৃদ্ধিৰ কথা কোনেও নকয়৷ যোৱা তিনিটা বছৰত অসমত জিডিপি দ্রুতগতিত বৃদ্ধি হৈছে৷ এই সময়ছোৱাত ১২.৩ শতাংশলৈ জিডিপি বৃদ্ধি হৈছে৷

অসম চৰকাৰে ইতিমধ্যে ১৬ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ অনুমতি পাইছে৷ কিন্তু চৰকাৰে এই বছৰ ১৪ হাজাৰ কোটি টকাহে ঋণ ল’ব৷ এতিয়ালৈ অসম চৰকাৰে ৭,৫০০ কোটি টকাৰ ঋণ লৈছে আৰু এই বছৰতে ২,৫০০ কোটি টকা ওভতাই দিব৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম চৰকাৰে অহা বছৰ ১৮ হাজাৰ কোটি টকা আৰু পৰৱর্তী বর্ষত ২২ হাজাৰ কোটি টকাৰ ঋণ ল’ব৷ অসমৰ বিপৰীতে ৰাজ্যিক জিডিপি ভিত্তিত কেৰালাই ৬৫ শতাংশ, পঞ্জাবে ৫২.৮ শতাংশ, পশ্চিমবংগই ৩৫ শতাংশ, ৰাজস্থানে ৩৩ শতাংশ, অসমে ২২ শতাংশহে ঋণ লৈছে৷ এই বছৰ অসমে বছৰটোত এক লাখ কোটি টকা খৰচ কৰিব নোৱাৰিলেও ৯৬ হাজাৰ কোটি টকা খৰচ কৰিব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াৰে ১৪ হাজাৰ কোটি টকাহে ঋণৰ টকা৷ যিসকল বিধায়কে ঋণ লোৱাৰ বিৰোধিতা কৰে, তেওঁলোকক সমষ্টিত আৰ আই ডি এফৰ কাম নালাগে বুলিও ক’বলৈ আহ্বান জনায়৷ ঋণৰ বিপৰীতে প্রত্যেক বছৰে অসমত সম্পদ বৃদ্ধি পাই আহিছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে মূলধনী ব্যয়ৰ বাবেই অসমে ঋণ ল’ব পাৰে৷

যিমানেই মূলধনী ব্যয় বৃদ্ধি পাব, সিমানেই আন্তঃগাঁথনি উন্নয়ন হ’ব৷ ক’ভিড কালতো অসমৰ জিডিপিৰ বিকাশ ১২.৫ শতাংশ বৃদ্ধি পোৱাটো কম কথা নহয়৷ স্বাধীনতাৰ ৭০ বছৰলৈ অসম তিনিখন মেডিকেল কলেজতে সীমাবদ্ধ থাকিবলগীয়া হৈছিল এনেধৰণৰ সংৰক্ষণশীল মানসিকতাৰ বাবে৷ ঋণ অবিহনে অসমমালাৰ অধীনত বাট–পথ কেনেদৰে নির্মাণ হ’ব, নতুন নতুন মেডিকেল কলেজ কেনেদৰে নির্মাণ কৰিব বুলিও তেওঁ প্রশ্ন কৰে৷ এইবাৰ অসমে ১৪ হাজাৰ কোটি টকাৰ ঋণ ল’ব পৰা হোৱাৰ বাবে মুখ্যমন্ত্রী হিচাপে তেওঁ গৌৰৱ অনুভৱ কৰিছে বুলি উল্লেখ কৰি কয় যে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দিনত জিডিপিৰ ৩.৫ শতাংশত মূল্য আছিল ৬ হাজাৰ কোটি টকা৷ সম্পদ বৃদ্ধিৰ ফলত সেই ৩.৫ শতাংশ মূল্য হৈছে ১৪ হাজাৰ কোটি টকা৷ ৰাজ্যখনৰ উন্নয়নৰ স্বার্থত চৰকাৰে ঋণ ল’বই বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১,৯০০খন দলং নির্মাণৰ বাবে চৰকাৰে ৫ হাজাৰ কোটি টকাৰ ঋণ ল’ব৷

শিলচৰ, ডিব্রুগড়, গুৱাহাটী, বৰপেটা মেডিকেল কলেজ হাস্পতালত ছুপাৰ স্পেচিয়েলিটী ব্লক নির্মাণৰ বাবে জাইকাৰ পৰা তিনি হাজাৰ কোটি টকাৰ ঋণ ল’ব৷ যিবোৰ জিলাত মেডিকেল কলেজ স্থাপন কৰিব পৰা নাই, তাত চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২,৫০০ কোটি টকাৰ ঋণ ল’ব৷ আই নদী আৰু ডিব্রুগড়ত মথাউৰি নির্মাণ, ধুবুৰী আৰু চিলাপথাৰৰ মাজত গোহাঁই কমল আলী হৈ ইকন’মী কৰিড’ৰ নির্মাণ কৰিবলৈ ঋণ ল’ব আৰু ইয়াৰ ফলত যাতায়াতৰ সময় দুইৰ পৰা আঢ়ৈ ঘণ্টা হ্রাস পাব৷ শিৱসাগৰৰ পৰা চৰাইদেউলৈ যোৱা পথ নির্মাণৰ বাবেও ২৫০ কোটি টকাৰ ঋণ লৈছে৷ ঋণৰ ধনেৰে অৰুণোদয়, মাইক্র’ফাইনেঞ্চৰ ঋণ মাফ দিয়া নহয়৷ সেয়া ৰাজ্য চৰকাৰৰ নিজা পুঁজিৰেহে দিয়া হয়৷ কোনো বিত্তীয় প্রতিষ্ঠানে তেনে কামৰ বাবে ঋণ নিদিয়ে৷ বিৰোধীয়ে ঋণৰ পৰিৱর্তে চৰকাৰক ৰাজহ বঢ়াব লাগে বুলি কৈছে৷ চৰকাৰে নিজাববীয়াকৈ ৰাজহ বৃদ্ধি কৰিব লাগিলে মাটিৰ খাজনা বৃদ্ধি কৰিব লাগিব, পেট্র’ল–ডিজেলৰ দাম বৃদ্ধি কৰিব লাগিব, বাছৰ ভাৰা বঢ়াব লাগিব, বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব লাগিব৷ বিৰোধীয়ে চৰকাৰক এনে কামৰ বাবে কিয় প্রৰোচিত কৰিছে বুলি প্রশ্ণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ অন্যথা অসম চৰকাৰ ত্রিপুৰাৰ দৰে হ’ব লাগিব৷ কর্মচাৰীৰ ডি এ বৃদ্ধি কৰিব নালাগিব৷

ৰাজ্যৰ বিত্তীয় পৰিস্থিতি সম্পর্কত অহা বিধানসভাত চৰকাৰে শ্বেতপত্র এখন প্রকাশ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সেই শ্বেতপত্রত দেখিবলৈ পাব দেশৰ ভিতৰতে আটাইতকৈ অসমে কম ঋণ লোৱা ৰাজ্য৷ আজিৰ তাৰিখত অসমে মুঠ ৮৪ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ বিপৰীতে পশ্চিমবংগই মুঠ ৫.৩৫ হাজাৰ কোটি টকা, কেৰালাই ২.৭৪ হাজাৰ কোটি টকা, পঞ্জাবে ২.৮২ হাজাৰ কোটি টকা ঋণ লৈ আছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ এই প্রসংগতে তেওঁ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ নেতৃত্বত এটা দলক কেৰালা আৰু অখিল গগৈৰ নেতৃত্বত এটা দলক পশ্চিমবংগলৈ পঠিয়াই সেই ৰাজ্যসমূহৰ ঋণৰ স্থিতি অধ্যয়ন কৰাৰ পোষকতা কৰে৷

ইপিনে, বর্তমানৰ চৰকাৰে বাতৰিকাকতত বিজ্ঞাপন দিয়াৰ প্রসংগত বিৰোধীয়ে কৰা সমালোচনাৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ক’ভিডৰ বাবে দীর্ঘদিন ধৰি বাতৰিকাকতসমূহে বাহিৰৰ পৰা বিজ্ঞাপন পোৱা নাই৷ সেয়ে বাতৰিকাকতক সকাহ দিয়াৰ বাবেই চৰকাৰে বিজ্ঞাপন দিছে৷ বাহিৰৰ পৰা বাতৰিকাকতত ৰাজহুৱা বিজ্ঞাপনৰ মাত্রা বাঢ়িলে চৰকাৰী বিজ্ঞাপন কমাই দিয়া হ’ব৷ এই প্রসংগতে তেওঁ বিধায়ক অখিল গগৈৰ পছন্দৰ নেত্রী পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ প্রসংগ উল্লেখ কৰি কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্রীয়ে যিসমূহ সংবাদ মাধ্যমে তেওঁৰ বিৰুদ্ধাচৰণ কৰে, সেইসমূহক বিজ্ঞাপন নিদিয়াৰ কথা কৈছে৷ কিন্তু অসম চৰকাৰে তেনেকুৱা কৰা নাই৷

You might also like