নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰদিনৰ প্রাক্ক্ষণত শ্বিলঙত বৰফৰ মনোমোহা শুকুলা আচ্ছাদন

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ শীতৰ আগমনত ৰূপৰ ৰাণী হৈ পৰিছে পূবৰ স্কটলেণ্ড শ্বিলং৷ হঠাৎ পাৰাস্তম্ভ হ্রাস হোৱাত বৰফৰ শুভ্র আচ্ছাদনে ঢাকি ধৰিছে শ্বিলঙৰ পাহাৰ–ভৈয়াম৷ যেনিয়ে চায় তেনিয়েই কেৱল বৰফ আৰু বৰফ৷ আজি পুৱাৰ পৰা হোৱা বৰফৰ বৰষুণত একপ্রকাৰ বুৰ গৈছে মেঘালয়ৰ ৰাজধানী শ্বিলং৷ পৱিত্র বৰদিনৰ প্রাক্ক্ষণত বৰফৰ শুভ্র আচ্ছাদনে মনোমোহা কৰি তুলিছে শ্বিলঙৰ পৰিৱেশ৷ বিশেষকৈ আপাৰ শ্বিলং আৰু লাইটকৰ অঞ্চল সম্পূর্ণৰূপে ঢাক খাই পৰিছে বৰফেৰে৷ ধাৰাবাহিকভাৱে পৰি থকা বৰফৰ বৰষুণত শ্বিলঙৰ এই অঞ্চলসমূহৰ ঘৰ–দুৱাৰ, ৰাস্তা–ঘাট হৈ পৰিছে শুভ্র৷ তদুপৰি পশ্চিম গাৰোপাহাৰ, পশ্চিম খাচিপাহাৰ, পূব খাচিপাহাৰ আৰু ৰিভ’ই জিলাতো বৰফৰ বৰষুণে ব্যাহত কৰি তুলিছে স্বাভাৱিক জীৱনযাত্রা৷ পুৱাৰে পৰা হোৱা বৰফৰ বৰষুণৰ বাবে হ্রাস পাইছে শ্বিলঙৰ তাপমাত্রা৷

উল্লেখ্য যে পূর্বে প্রতিবছৰেই বৰফৰ বৰষুণে বুৰাই পেলাইছিল শ্বিলং৷ কিন্তু গোলকীয় উষ্ণতাৰ বাবে শ্বিলঙত বৰফৰ পৰিমাণ বিগত কেইবাবছৰ ধৰি যথেষ্ট হ্রাস পাইছে৷ কিন্তু এইবাৰ পুনৰ তাপমাত্রা হ্রাস পোৱাৰ ফলত শ্বিলঙৰ বিভিন্ন স্থানত হোৱা বৰফৰ বৰষুণৰ পিছতে সৃষ্টি হোৱা মনোমোহা পৰিৱেশে হাতবাউলি মাতিছে পর্যটকসকলক৷ ইতিমধ্যে শ্বিলঙৰ বহুসংখ্যক লোকে অঞ্চলটো বৰফাবৃত হৈ পৰাৰ ফলত সৃষ্টি হোৱা মনোমোহা পৰিৱেশৰ ভিডি’ আৰু ফটো ছ’চিয়েল মিডিয়াযোগে আপলোড কৰা পৰিলক্ষিত হৈছে৷ কেৱল শ্বিলঙতে নহয়, চলিত সপ্তাহত উত্তৰ–পূর্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে তাপমাত্রা অধিক নিম্নগামী হোৱাৰ সম্ভাৱনা আছে৷ অসমসহ কেইবাখনো ৰাজ্যত পাতলীয়া বৰষুণ হোৱাৰো আগজাননী প্রকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে৷

You might also like