নির্বাচনত ৪০–৪২টা সমষ্টি বিচাৰিব বদৰুদ্দিনে
আগ্রাসী আজমলঃ মিত্রতাৰ ছলেৰে কংগ্রেছৰ সমষ্টি দখলৰ অভিসন্ধি ইউডিএফৰ
নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ আসন্ন বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্য আগত ৰাখি কংগ্রেছে ইতিমধ্যে সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ লগতে বাঁওপন্থী দল আৰু সাংসদ অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চাৰে মিত্রতাপাশত আবদ্ধ হৈছে৷ যোৱা ৩ নৱেম্বৰত নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছ কমিটীৰ পর্যবেক্ষক জিতেন্দ্র সিঙৰ উপস্থিতিত অনুষ্ঠিত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকেও আনুষ্ঠানিকভাৱে সেই মিত্রতাত ছীল–মোহৰ মাৰিছে৷ কংগ্রেছৰ এই প্রস্তাৱিত মহাজোঁটে অহা বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰিবলৈ সক্ষম হয় নে নহয়, সেয়া নির্বাচনী ফলাফলৰ অন্ততহে ক’ব পৰা যাব৷ কিন্তু কংগ্রেছৰে মিত্রতাপাশত আবদ্ধ হোৱাৰ পাছতেই আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে অতি সন্তর্পণে আগ্রাসী ৰূপ ধাৰণ কৰিছে৷ এ আই ইউ ডি এফে এতিয়ালৈ কংগ্রেছক বিগ ব্রাদাৰ হিচাপে অভিহিত কৰি আহিছে যদিও আসন্ন বিধানসভা নির্বাচনৰ জৰিয়তে তেওঁলোকহে মূলতঃ বিগ ব্রাদাৰ হোৱাৰ গোপন পৰিকল্পনা কৰিছে৷ সেই পৰিকল্পনাৰ অংশ হিচাপেই অহা বিধানসভা নির্বাচনত আজমলৰ দলে ৰাজ্যখনত ৪০টাৰ পৰা ৪২টা সমষ্টি কংগ্রেছৰ পৰা বিচৰাৰ অংক কৰিছে৷ যোৱা আগষ্ট মাহত কংগ্রেছৰে তেওঁলোকৰ মিত্রতা চূড়ান্ত হোৱাৰ পাছতেই এ আই ইউ ডি এফৰ সভাপতি আজমলে দলৰ নেতৃত্বৰ লগতে দলীয় বিধায়কসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হৈ অহা বিধানসভা নির্বাচনৰ বাবে আসন বুজাবুজিৰ সময়ত ৪০–৪২টা সমষ্টি বিচৰাৰ পৰিকল্পনা যুগুতায়৷ এ আই ইউ ডি এফৰ এক সূত্রই জানিবলৈ দিয়া মতে, ২০০৬ চনৰ বিধানসভা নির্বাচন, ২০১১ চনৰ বিধানসভা নির্বাচন আৰু ২০১৬ চনৰ বিধানসভা নির্বাচনত এ আই ইউ ডি এফে দখল কৰা ২৮টা সমষ্টি আৰু দ্বিতীয় স্থানত থকা ১২টা সমষ্টি মুঠ ৪০টা সমষ্টি অহা নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে বিচাৰিব৷ সূত্রটোৱে সদৰী কৰা অনুসৰি বিগত দিনত এ আই ইউ ডি এফৰ দখললৈ অহা ২৮টা সমষ্টি হৈছে– বদৰপুৰ, হাইলাকান্দি, কাটিগড়া, কৰিমগঞ্জ (দক্ষিণ), কাটলিচেৰা, আলগাপুৰ, দক্ষিণ শালমাৰা, ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা (পশ্চিম), বিলাসীপাৰা (পূব), অভয়াপুৰী (দক্ষিণ), গোৱালপাৰা (পূব), গোৱালপাৰা (পশ্চিম), জলেশ্বৰ, ভৱানীপুৰ, বৰপেটা, জনিয়া, বাঘবৰ, সৰুক্ষেত্রী, বকো, ৰূপহী, ধিং, যমুনামুখ, হোজাই, লামডিং আৰু নাওবৈচা৷ সেইদৰে বিগত নির্বাচনসমূহত এ আই ইউ ডি এফ দল দ্বিতীয় স্থানত থকা ১২টা সমষ্টি হৈছে– ৰাটাবাৰী, পাথাৰকান্দি, মঙলদৈ, দলগাঁও, মাজবাট, কলাইগাঁও, গোসাঁইগাঁও, সৰভোগ, চেঙা, লাহৰীঘাট, বটদ্রৱা আৰু কোকৰাঝাৰ (পশ্চিম)৷ ইয়াৰ উপৰি আসন বুজাবুজিৰ সময়ত কৰিবলগীয়া এৰাধৰাৰ পৰিপ্রেক্ষিতত আজিলৈ দলটোৱে দখল কৰিবলৈ সমর্থ নহ’লেও সংখ্যালঘু ভোটাৰ অধ্যুষিত মানকাচৰ আৰু অভয়াপুৰী (উত্তৰ) সমষ্টি বিচৰাৰ লক্ষ্য স্থিৰ কৰিছে৷
আজমলৰ এই ৰাজনৈতিক সমীকৰণৰ বাবেই এতিয়ালৈ এ আই ইড ডি এফ দলৰ কোনো বিধায়ক বা নেতাই কংগ্রেছৰে মিত্রতাৰ বিৰোধিতা কৰা পৰিলক্ষিত হোৱা নাই৷ মন কৰিবলগীয়া এয়ে যে আজমলৰ দলে বৰাক উপত্যকা, নামনি অসম আৰু মধ্য অসমৰ যিসমূহ সমষ্টি বিচৰাৰ অংক কৰিছে, সেই সমষ্টিসমূহ লাভ কৰিবলৈ আজমলৰ গ্রাসত কংগ্রেছহে সোমাই পৰিব৷ এনে প্রেক্ষাপটৰ বাবেই কংগ্রেছৰ সংখ্যালঘু শিবিৰৰ লগতে বিভিন্নজন নেতাই এই মুহূর্তলৈ এ আই ইউ ডি এফৰে নির্বাচনী মিত্রতাৰ বিৰোধিতা কৰি আহিছে৷ কালিও ছিনিয়ৰ কংগ্রেছ লীডার্ছ টীমে দলৰ পর্যবেক্ষক জিতেন্দ্র সিঙক সাক্ষাৎ কৰি এ আই ইউ ডি এফৰে মিত্রতা নকৰিবলৈ দাবী জনাই স্মাৰক–পত্র প্রদান কৰিছে৷ আজমলে বিচৰা অনুসৰি তেওঁলোকক সমষ্টি এৰি দিবলগীয়া হ’লে বর্তমানৰ কংগ্রেছী বিধায়ক জামালুদ্দিন আহমেদ, ৱাজেদ আলী চৌধুৰী, মতিউৰ ৰহমান মণ্ডল, এ কে ৰছিদ আলম, আব্দুৰ ৰছিদ মণ্ডল, আব্দুল হাইনাগৰি, শ্বেৰমান আলী আহমেদ, জাকিৰ হুছেইন শিকদাৰ, নন্দিতা দাস, নুৰুল হুদা, ইলিয়াছ আলী, শুকুৰ আলী, ডাঃ নজৰুল ইছলাম, কংগ্রেছ নেতা তথা প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদ, ডাঃ অর্ধেন্দু কুমাৰ দে’, গৌতম বৰা, নজিবুল ওমৰ, মহিবুল হক, প্রাক্তন বিধায়ক আলী আকবৰ মিঞা, ড০ ইদ্রিছ আলী, আব্দুৰ ৰহিম খান, আদিকে ধৰি বহু কংগ্রেছ নেতাৰ ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চিত হৈ পৰিব৷