খুন্দিয়াইছিল গৰ্ভৱতী মহিলাক, যোৰহাটত ৰাইজে ভাঙিলে ২২খনকৈ ডাম্পাৰ
নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ যোৰহাটৰ জে বি ৰোডত দ্রুতবেগী ডাম্পাৰৰ দৌৰাত্ম্যৰ ফলত বালিগাঁও ৰজাহাউলীত কালি পুৱা সংঘটিত হয় এক শোকাৱহ পথ দুর্ঘটনা৷ ৰজাহাউলী মছজিদৰ সমীপত এ এছ–০৩ বি চি–৮৭১৯ নম্বৰৰ এখন তীব্রবেগী ব্রহ্মপুত্রৰ বালি কঢ়িওৱা ডাম্পাৰে একেদিশেৰে গৈ থকা এখন মটৰচাইকেলত খুন্দা মাৰে৷ দুর্ঘটনাত জানখনা গাঁৱৰ দীপ্তি দাস নামৰ এগৰাকী গর্ভৱতী মহিলা গুৰুতৰভাৱে আহত হয়৷
দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে ক্ষোভত ফাটি পৰে স্থানীয় ৰাইজ৷ ক্ষুব্ধ লোকসকলে পথটোৰে বালি কঢ়িয়াই অনা কুৰিখনৰো অধিক ডাম্পাৰ এফালৰ পৰা ভাঙি যায়৷ গ্লাছ, দুৱাৰ, তেলৰ টেংকী আদি ভাঙি সকলো ডাম্পাৰ বিকল কৰি পেলায়৷ লগতে দুখন ফকলেনৰো বিস্তৰ ক্ষতি কৰে৷ পৰিস্থিতি এনে পর্যায় পায়গৈ যে প্রতিখন গাড়ীৰে তেলৰ টেংকী চোকা অস্ত্রৰে ফুটাই অগ্ণিসংযোগ কৰিবলৈ উদ্যত হয়৷
সেই সময়তে যোৰহাট আৰক্ষীৰ যান–বাহন শাখাৰ আৰক্ষী আৰু সাংবাদিক উপস্থিত হোৱাত আৰক্ষী আৰু সাংবাদিককো প্রহাৰ কৰিবলৈও উদ্যত হয় ক্ষুব্ধ ৰাইজ৷ আনহাতে দুর্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ চালকজনকো মাৰিবলৈ একাংশ ক্ষুব্ধ ৰাইজ উদ্যত হৈছিল যদিও সমীপৰ এঘৰ মানুহৰ চৌহদলৈ পলাই সাৰিবলৈ সক্ষম হয় চালকজন৷
উল্লেখ্য যে পথছোৱাত ইয়াৰ পূর্বে দুটাকৈ দুর্ঘটনা সংঘটিত হৈছে আৰু স্থানীয় ৰাইজে বাৰম্বাৰ বন বিভাগ, জিলা আৰক্ষী অধীক্ষক, যান–বাহন আৰক্ষীৰ লগতে জিলা উপায়ুক্তকো স্মাৰক–পত্রযোগে পথছোৱাত ডাম্পাৰৰ চলাচল নির্দিষ্ট সময়ত কৰিবলৈ আহ্বান জনাই দুর্ঘটনাৰ আশংকা ব্যক্ত কৰি আহিছিল৷ কিন্তু চাৰিলেনযুক্ত পথৰ বাবে বালি কঢ়িওৱাৰ নামত এটা শক্তিশালী চক্রই বন বিভাগ, যান–বাহন আৰক্ষী আৰু জিলা পৰিবহণ বিভাগক মেনেজ কৰি অবৈধ বালিৰ এক ভয়ংকৰ ক’লা বজাৰ সৃষ্টি কৰিছিল৷