নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কভিড টিকাকৰণৰ বাবে ভাৰত চৰকাৰক ফাইজাৰে ভেকচিন দিবলৈ সাজু

নিয়মীয়া বাৰ্তা ২৩ এপ্ৰিলঃ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্মাচিউটিকেল কোম্পানী ফাইজাৰে জানিবলৈ দিছে যে ভাৰত চৰকাৰক  টিকাকৰণ কাৰ্যসূচীৰ বাবে ফাইজাৰ ভেকছিন দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে। কোম্পানীটোৱে কৈছে যে দেশত ভেকছিনৰ উপলব্ধতা নিশ্চিত কৰিবলৈ চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

কোম্পানীটোৱে লগতে জানিবলৈ দিয়ে যে ই কেৱল মহামাৰীৰ সময়ত চৰকাৰী চুক্তিৰ জৰিয়তে Pfizer-bayonet covid-19 mRNA Vaccine   ভেকছিন যোগান ধৰিব।

ফাইজাৰৰ তৰফৰ পৰা এজন মুখপাত্ৰই কয় যে কোম্পানীটোৱে দেশত চৰকাৰৰ টিকাকৰণ কাৰ্যসূচীত ব্যৱহাৰৰ বাবে ফাইজাৰ আৰু বায়োটেক ভেকছিন প্ৰদান কৰি চৰকাৰৰ সৈতে সহযোগ কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।

আনহাতে কোম্পানীটোৱে এক বিবৃতিত হৈছে যে পূৰ্বে উল্লেখ কৰাৰ দৰে, ফাইজাৰে ইয়াৰ টিকাকৰণ কাৰ্যসূচীত চৰকাৰক সম্পূৰ্ণ সমৰ্থন আগবঢ়াব। কোম্পানীটোৱে কেৱল চৰকাৰী চুক্তিৰ জৰিয়তে কোভিড-19 ভেকছিন প্ৰদান কৰিব।

You might also like