নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্র ৫ বছৰতে জনপ্রতিনিধিৰ সম্পত্তি বাঢ়িল গড়ে ১.৪৮ কোটি

নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ শাসক–বিৰোধী উভয় শিবিৰে সমাগত বিধানসভা নির্বাচনকেন্দ্রিক তৎপৰতা অব্যাহত ৰখাৰ সময়তে ‘এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছ’ (এ ডি আৰ) নামৰ সংস্থাটোৱে বিধায়কৰ সম্পত্তি সন্দর্ভত এক গুৰুত্বপূর্ণ তথ্য প্রকাশ কৰিছে৷ ২০১১ চনত জয়ী হোৱা তথা ২০১৬ চনত পুনৰ নির্বাচিত ৩৪জন মন্ত্রী–বিধায়কক সামৰি লৈ ‘এ ডি আৰ’–এ ৰাজহুৱা কৰা এই তুলনামূলক তথ্য অনুসৰি এই পাঁচ বছৰৰ সময়ছোৱাত তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ গড়ে ৯৫ শতাংশ হাৰে ১.৪৮ কোটি টকা বৃদ্ধি হৈছে৷ সংস্থাটোৱে পর্যালোচনা কৰা ৩৬জন মন্ত্রী–বিধায়কৰ ২০১১ চনত গড়ে আছিল ১.৫৬ কোটি টকা৷ কিন্তু পাঁচ বছৰৰ পাছত অর্থাৎ ২০১৬ চনত এই পৰিমাণ বৃদ্ধি হয় ৩.০৪ কোটি টকালৈ৷ এই ৩৪জন মন্ত্রী–বিধায়কৰ মাজত আছে কংগ্রেছৰ ১০জন, বিজেপিৰ ৮জন, বি পি এফৰ ৮জন, অগপৰ ৪জন আৰু এ আই ইউ ডি এফৰ ৪জন৷ কংগ্রেছৰ ১০জন বিধায়কৰ গড়ে ২০১১ চনত সম্পত্তিৰ পৰিমাণ ১,৪২,১২,৯০৩ টকা আছিল যদিও ২০১৬ চনত সেয়া ২, ৬৩,৯৩,২৯৫ টকালৈ বৃদ্ধি হ’ল৷ সেইদৰে বিজেপিৰ ৮জনৰ সম্পত্তিৰ পৰিমাণ গড়ে ২০১১ চনত ২,১৭,৭২,৩৭৯ টকা হোৱাৰ বিপৰীতে ২০১৬ চনত হয়গৈ ৩,৮২,৮১,১৭৬ টকা৷

বি পি এফৰ আঠজন নির্বাচিত জনপ্রতিনিধিৰ ২০১১ চনত গড়ে ৮১,৭০,৪২৬ টকা সম্পত্তি আছিল যদিও ২০১৬ চনত এই পৰিমাণ ১,৪৫,৯০,৬১৯ টকালৈ বৃদ্ধি হয়৷ বি পি এফৰ প্রতিনিধিসকলৰ পাঁচ বছৰৰ ব্যৱধানত সম্পত্তিৰ পৰিমাণ বৃদ্ধিৰ হাৰ সর্বাধিক ২০০.৯৭ শতাংশ৷ অগপৰ পুনৰ নির্বাচিত চাৰি বিধায়কৰো পাঁচ বছৰত সম্পত্তি বৃদ্ধি হৈছে৷ ২০১১ চনত তেওঁলোকৰ গড় সম্পত্তিৰ পৰিমাণ ১,৯০,৬২,৪৮৫ টকা আছিল৷ কিন্তু ২০১৬ চনত এই পৰিমাণ হয়গৈ ৩,১৬,০৯,৯০২ টকা৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ চাৰিজন বিধায়কৰ ক্ষেত্রতো পাঁচ বছৰৰ ব্যৱধানত সম্পত্তিৰ পৰিমাণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ‘এ ডি আৰ’–এ পর্যালোচনা কৰা দলটোৰ চাৰি বিধায়কৰ ২০১১ চনত গড় সম্পত্তি ১,৮৫,০৫,৯৯৫ টকা আছিল যদিও ২০১৬ চনত এই পৰিমাণ ৩,৫৭,৬৫,৩৮৫ টকালৈ বৃদ্ধি হয়৷ পাঁচ বছৰৰ ব্যৱধানত সম্পত্তিৰ পৰিমাণ বৃদ্ধি হোৱাৰ ক্ষেত্রত শীর্ষত আছে বি পি এফৰ বিধায়ক তথা মন্ত্রী চন্দন ব্রহ্ম৷

অসম বিধানসভাত চিদলী সমষ্টিক প্রতিনিধিত্ব কৰা মন্ত্রী ব্রহ্মৰ ২০১১ চনত সম্পত্তিৰ পৰিমাণ আছিল ২,৬০,৪৭,০০০ টকাৰ৷ কিন্তু পাঁচটা বছৰৰ ব্যৱধানতে তেওঁৰ ৬,৯৭,৫৪,৪৯৪ টকাৰ সম্পত্তি বৃদ্ধি পায়৷ অর্থাৎ এই সময়ছোৱাত মন্ত্রী ব্রহ্মৰ ২৬৮ শতাংশ হাৰে মুঠ ৯,৫৮,০১,৪৯৪ টকালৈ সম্পত্তি বৃদ্ধি হৈছে৷ সম্পত্তিৰ পৰিমাণ বৃদ্ধিৰ ক্ষেত্রত দ্বিতীয় স্থানত আছে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ পুত্র তথা বর্তমান যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আজমল৷ ২০১১ চনত দক্ষিণ শালমাৰা সমষ্টিৰ পৰা নির্বাচিত হোৱাৰ সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ ৬,৮৪,৩৮,৩৮৩ টকা আছিল যদিও ২০১৬ চনত এই পৰিমাণ হয়গৈ ১৩,১০,৯৯,৩৮৬ টকা৷ এই সময়ছোৱাত ৯২ শতাংশ হাৰে আব্দুৰ ৰহিম আজমলৰ সম্পত্তি বাঢ়িছে ৬,২৬,৬১,০০৩ টকাৰ৷ প্রাক্তন মন্ত্রী তথা লাহৰীঘাটৰ কংগ্রেছ বিধায়ক ডাঃ নজৰুল ইছলামৰ ২০১১ চনত ২,৫৮,৭৮,৩৬৬ টকাৰ সম্পত্তি আছিল৷ কিন্তু পাঁচ বছৰৰ ভিতৰত ২৯ শতাংশ হাৰে ৩,৩৩,১২,০২৫ টকাৰ সম্পত্তি বৃদ্ধি হৈ তেওঁ মুঠ ৫,৯১,৯০,৩৯১ টকাৰ সম্পত্তিৰ গৰাকী হৈছে৷

বিত্তমন্ত্রী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ ২০১১ চনত সম্পত্তিৰ পৰিমাণ আছিল ৩,০৬,৪৫,৮৯৩ টকাৰ৷ পিছে ২০১৬ চনত তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬,৩৮,৪৭,৮৮০ টকাৰ৷ ২০১৬ চনত পুনৰ নির্বাচিত জনপ্রতিনিধিসকলৰ সম্পত্তি বৃদ্ধিৰ ক্ষেত্রত পঞ্চম স্থানত আছে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত৷ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ ২০১১ চনত ৪,৮৬,৭০,০২৫ টকাৰ সম্পত্তি থকাৰ বিপৰীতে ২০১৬ চনত এই পৰিমাণ হয়গৈ ৭,৯২,২৫,৪৮০ টকা৷

‘এ ডি আৰ’–এ পর্যালোচনা কৰা তথা ২০১১ চনৰ তুলনাত ২০১৬ চনত সম্পত্তিৰ মৰিমাণ বৃদ্ধি হোৱা আন জনপ্রতিনিধিসকল হ’ল– শ্বেৰমান আলী আহমেদ, পদ্ম হাজৰিকা, ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, ৰিহণ দৈমাৰী, নৱকুমাৰ দলে, জামালুদ্দিন আহমেদ, বিনন্দ কুমাৰ শইকীয়া, পীয়ূষ হাজৰিকা, প্রমীলাৰাণী ব্রহ্ম, প্রশান্ত ফুকন, ইমানুৱেল মোছাহাৰী, মনেশ্বৰ ব্রহ্ম, উৎপল দত্ত, বলীন চেতিয়া, ৰঞ্জিত কুমাৰ দাস, মাজেন্দ্র নার্জাৰী, কেশৱ মহন্ত, শুকুৰ আলী আহমেদ, কমলসিং নার্জাৰী, ফণীভূষণ চৌধুৰী, ৰূপজ্যোতি কুর্মী, হাফিজ বছিৰ আহমেদ, আমিনুল ইছলাম, ইলিয়াছ আলী, কমলাক্ষ দে’ পুৰকায়স্থ, কমলী বসুমতাৰী, আবুল কালাম আজাদ আৰু দেৱব্রত শইকীয়া৷

You might also like