নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল ইণ্ডিয়াত মুম্বাইৰ বহুজাতিক কোম্পানীৰ দপদপনি

অনভিজ্ঞ প্রার্থীক নিযুক্তি দিয়া কোন এই কমল–দীপাঞ্জল?

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ  এছআই নিযুক্তি কেলেংকাৰিক লৈ সমগ্র ৰাজ্যত খলকনি সৃষ্টি হৈ থকাৰ মাজতে শেহতীয়াকৈ অইল ইণ্ডিয়াৰ নিবিদা লাভ কৰা বহুজাতিক কোম্পানী ভিতৰচ’ৰাতো ধনৰ বিনিময়ত অনভিজ্ঞ প্রার্থীক চাকৰি দিয়াৰ ঘটনা পোহৰলৈ আহিছে৷ কোম্পানীৰ চাকৰিৰূপে ধনৰ লেনদেনক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ডিব্রুগড়–দুলীয়াজান ৬ টাকৈ জাতি–জনগোষ্ঠীয় দল–সংগঠনে৷ মোটা অংকৰ ধনৰ বিনিময়ত অভিজ্ঞ পুৰণি কর্মচাৰীক আঁতৰাই অনভিজ্ঞ প্রার্থীক অইলৰ ঠিকাভিত্তিক কর্মত মকৰল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ এইক্ষেত্রত দুলীয়াজান আঞ্চলিক অঃজাঃযুঃছাঃপৰিষদৰ্ সভাপতি সোণেশ্বৰ ফুকন, ডিব্রুগড জিলা চুতীয়া ছাত্র সন্থাৰ সভাপতি জিতু শইকীয়া, গোর্খা ছাত্র সন্থাৰ দুলীয়াজান আঞ্চলিকৰ সভাপতি ৰত্ন থাপা, আটাছু ডিব্রুগড় জিলাৰ যুটীয়া সম্পাদক মুনীন গগৈ, দুলীয়াজান আঞ্চলিকৰ মটক যুৱ ছাত্র সন্মিলনৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰুৱা আৰু দুলীয়াজান সংগ্রামী মঞ্চৰ কার্যকৰী সভাপতি কৰুণজ্যোতি বৰাই সংবাদমাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত এই কথা স্পষ্টভাৱে প্রকাশ কৰিছে যে অইল ইণ্ডিয়া লিমিটেডৰ ঔদ্যোগিক ক্ষেত্রৰ চেন্ট্রৰেল টেংক ফার্ম চমুকৈ চি টি এফ দুলীয়াজানত নিবিদা লাভ কৰা মুম্বাইস্থিত স্পেকট্রন ইঞ্জিনিয়াৰর্চ লিমিটেড নামৰ বহুজাতিক প্রতিষ্ঠানটোৱে চি টি এফত পূর্বৰে পৰা কর্মৰত ৭জনকৈ অগ্ণিনির্বাপক কর্মচাৰীক নিলম্বন কৰি দুর্নীতি আৰু অনিয়মৰ সংঘটিত কৰিছে৷৷

উল্লেখযোগ্য যে চাটাই হোৱা উক্ত ৭ কর্মচাৰীয়ে ইয়াৰ পূর্বে অইলৰ ঠিকাভিত্তিক প্রতিষ্ঠান এ পি এলত আঢ়ৈ বছৰ আৰু ছমহীয়া চুক্তিত ৰেপ’ন’ ৱেৰ হাউচিঙৰ হৈ প্রতিষ্ঠানৰ হৈ অইলৰ চি টি এফত কাম কৰাৰ অভিজ্ঞতা অর্জনৰ পাছত পুনৰ দুবছৰীয়া চুক্তিত নতুনকৈ দায়িত্ব পোৱা স্পেকট্রন ইঞ্জিনিয়াচ প্রাইভেট লিমিটেডত নিযুক্তি দিছিল৷ কিন্তু প্রতিষ্ঠানখনে উক্ত ৭ কর্মচাৰীক অতি কৌশলেৰে নিলম্বিত কৰা অভিযোগ উঠিছে৷ ভুক্তভোগীৰ অভিযোগ অনুসৰি নতুন ঠিকাদাৰী প্রতিষ্ঠানখনে যোৱা ২২ ছেপ্টেম্বৰৰ দিনা বিয়লি ৪ বজাত হোৱাটছ এপ যোগে হঠাৎ সাক্ষাৎকাৰৰ বিষয়ে জানিবলৈ দি পাছদিনা অর্থাৎ ২৩ ছেপ্টেম্বৰৰ পুৱা ৯ বজাত সাক্ষাৎকাৰ গ্রহণ কৰিছিল৷ সেই সাক্ষাৎকাৰত পুৰণি কর্মচাৰীৰ লগতে কোনো অভিজ্ঞতা নথকা নতুন মুখৰ প্রার্থীয়ো অংশগ্রহণ কৰিছিল৷ সাক্ষাৎকাৰৰ পাছতেই যোৱা ২৫ ছেপ্টেম্বৰৰ মাজনিশা ১০–১২ গৰাকী অনভিজ্ঞ প্রার্থীক উক্ত প্রতিষ্ঠানখনে নতুনকৈ নিযুক্তি দি পুৰণি কর্মীসকলক তাৎক্ষণিকভাৱে আঁতৰাই পঠায়৷ এনেস্থলত কোনো আগজাননী নিদিয়াকৈ হঠাৎ এনেদৰে সাক্ষাৎকাৰৰ নামত ভেকোভাওনা ৰচি মাজনিশা নতুন প্রার্থীক নিযুক্তি দিয়াৰ বিপৰীতে অইলৰ এছ টি এফৰ ঠিকাভিত্তিক পুৰণি কর্মচাৰীসকলক চাটাই কৰাটো কিমান ন্যায়সংগত সেই লৈ এতিয়া প্রশ্ন উত্থাপিত হৈছে৷ নামত সাক্ষাৎকাৰ আনুষ্ঠিত কৰি ধনৰ বিনিময়ত অনভিজ্ঞ প্রার্থীক নিযুক্তি দিয়াৰ আঁৰত প্রতিষ্ঠানটোৰ হর্তা কর্তা কমল ফুকন আৰু দীপাঞ্জল শর্মাৰ নাম সততে উচ্চাৰিত হৈছে৷

You might also like