নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতর্কিত শিখা শর্মাক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্রেৰণ

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ ছত্তিশগড়ত সন্ত্রাসবাদীৰ আক্রমণত শ্বহীদ হোৱা জোৱানক অপমান কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা বিতর্কিত লেখিকা শিখা শর্মাক বুধবাৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ ফেচবুকত বিতর্কিত পোষ্ট দি দিছপুৰ আৰক্ষীৰ জালত পৰা শিখা শর্মাক বুধবাৰে আৰক্ষীয়ে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ আদালতে দুয়োপক্ষৰ অধিবক্তাৰ যুক্তিতর্ক শুনি বিতর্কিত লেখিকা শিখা শর্মাক গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰে৷

উল্লেখ্য যে ইয়াৰ পূর্বে আৰক্ষীয়ে ধৃত শিখা শর্মাক পাণবজাৰ মহেন্দ্র মোহন চৌধুৰী হাস্পতালত পৰীক্ষা কৰোৱায়৷ হাস্পতালত বিতর্কিত লেখিকাগৰাকীয়ে সাংবাদিকক উদ্দেশ্যি চিঞৰি চিঞৰি ক’লে, ‘ফেচবুকত দিয়া মন্তব্যটো প্রৰোচনামূলক নহয়, মোৰ মন্তব্যক অপব্যাখ্যা কৰা আৰু অপপ্রচাৰ কৰা হৈছে, মানুহক হত্যা কৰিব নাপায়’৷

উল্লেখ্য যে ছত্তিশগড়ত শ্বহীদ হোৱা অসমৰ দুইবীৰ জোৱানকে ধৰি ২২জন বিষয়া, জোৱানৰ প্রতি ফেচবুকত অসন্মানজনক মন্তব্য কৰিছিল শিখা শর্মাই৷ ইয়াৰ বিৰুদ্ধে দিছপুৰ থানাত দুগৰাকী অধিবক্তাই দাখিল কৰিছিল এজাহাৰ৷ ইয়াৰ ভিত্তিত আৰক্ষীয়ে শিখা শর্মাৰ বিৰুদ্ধে থানাত ১২৮১/২১ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল৷ থানালৈ মাতি আনি দিছপুৰ আৰক্ষীয়ে শিখা শর্মাক গ্রেপ্তাৰ কৰিছিল৷ উল্লেখ্য যে ছত্তিশগডৰ বীজাপুৰত মাওবাদীৰে হোৱা সংঘর্ষত অসমৰ সৰুপেটাৰ দিলীপ কুমাৰ দাস আৰু দুধনৈৰ বাবলু ৰাভা নিহত হৈছিল৷

You might also like