নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : টিংখাং সমষ্টিৰ ব্যৱসায়-বাণিজ্যৰ মূল কেন্দ্ৰস্থল ৰাজগড় চহৰৰ গাতে লাগি থকা এটা পথৰ বিধ্বস্ত ৰূপে যমৰ যাতনা ভোগাইছে এটা বৃহৎ অঞ্চলৰ ৰাইজক। চৰকাৰৰ কৃপাদৃষ্টিৰ পৰা বঞ্চিত অঞ্চলবাসীয়ে অৱশেষত সিদ্বান্ত গ্ৰহণ কৰিছে ভোট বৰ্জনৰ। কাৰণ চৰকাৰ আহিছে, চৰকাৰ গৈছে। কিন্তু অঞ্চলটোৰ ৰাইজেহে দেখা নাই উন্নয়নৰ মুখ। এই পথটো টিংখাং সমষ্টিৰ ৰাজগড় গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৬ নম্বৰৰ। মৰাণ-নাহৰকটীয়া ৰাজ্যিক ঘাইপথৰ পৰা মধুপথাৰ প্ৰাথমিক বিদ্যালয়লৈকে প্ৰায় ২ কি:মি: দৈৰ্ঘ্যৰ এই পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে স্থানীয় ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। জৰাজীৰ্ণ পথটোৰ এই অৱস্থাৰ বাবেই চাৰিচকীয়া গাড়ী নাইবা এম্বুলেন্স সোমাব নোৱাৰাৰ বাবে ৰোগী আৰু প্ৰসূতিসকলে দুৰ্ভোগ ভোগ কৰি আহিবলগীয়া হৈছে। আনহাতে, বিদ্যালয়লৈ অহা-যোৱা কৰাৰ ক্ষেত্রতো চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল। ইফালে, বিধ্বস্ত পথটোৰ বাবেই গাঁওখনৰ কৃষক আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলো যথেষ্ট সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈ আহিছে। পথটো নিৰ্মাণৰ বাবে গাঁওবাসীয়ে বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই। যাৰ বাবে পথ নিৰ্মাণৰ দাবীত পথলৈ ওলাই ৰাইজে চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰে। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে যদি পথটো নিৰ্মাণ নকৰে তেনেহলে নিৰ্বাচনত ভোট বৰ্জন কৰাৰো সিদ্বান্ত গ্ৰহণ কৰিছে অঞ্চলটোৰ ৰাইজে ।
প্ৰেৰক কৃষ্ণ গগৈ