নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এফালৰ পৰা তচনচ হৈছে নিষিদ্ধ ড্রাগ্ছৰ সাম্রাজ্যঃ ৮ দিনত আৰক্ষীৰ জালত পৰিল ২৫৮ মাফিয়া–এজেণ্ট–সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১ জুনঃ সামাজিক ব্যাধিত পৰিণত হোৱা ড্রাগ্ছৰ বিৰুদ্ধে সমুখসমৰত অৱতীর্ণ হৈছে অসম আৰক্ষী৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত সমগ্র ৰাজ্যত আৰক্ষী বাহিনীয়ে দিনে–নিশাই অভিযান চলাই দুই শতাধিক ড্রাগ্ছ মাফিয়া, সৰবৰাহকাৰী আৰু নিচাসক্ত লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷

বিগত ২৫ মে’ৰ পৰা সোমবাৰৰ দিনটোলৈ ৰাজ্যত নিষিদ্ধ ড্রাগ্ছ সৰবৰাহ সংক্রান্তীয় মুঠ ১৪০টা গোচৰ ৰুজু হৈছে৷ গ্রেপ্তাৰ হৈছে মুঠ ২৫৮জন লোক৷ এই সময়ছোৱাত আৰক্ষীয়ে জব্দ কৰিছে ৭১২.৭ গ্রাম হেৰ’ইন, ৬৬৫.৩১ কেজি গাঞ্জা, ১৭,৫৫১ বটল কফ ছিৰাপ, ১,৫৮,৫৬০টা নিচাযুক্ত টেবলেট, ১৪.১৬ গ্রাম মৰফিন আৰু ১০.৭০ লাখ টকাৰ নগদ ধন৷

কালিও ড্রাগ্ছবিৰোধী অভিযান আব্যাহত ৰাখিছে আৰক্ষীয়ে৷ সৰু সৰু সৰবৰাহকাৰীৰ পৰা বিয়াগোম মাফিয়ালৈ কোনো সাৰি যাব পৰা নাই৷ গুৱাহাটীৰ ভৰলুমুখৰ ৬নং গেটত অভিযান চলাই আৰক্ষীয়ে ৰীণা বেগম নামৰ মহিলা এগৰাকীক গ্রেপ্তাৰ কৰে৷

ৰীণা বেগমৰ পৰা ১২ গ্রাম ড্রাগ্ছ জব্দ কৰে৷ এই ড্রাগ্ছখিনিৰ আনুমানিক মূল্য হ’ব প্রায় ১ লাখ টকা৷ ইতিমধ্যে তেওঁ কেইবাবাৰো গ্রেপ্তাৰৰ সন্মুখীন হৈছে যদিও জামিনত মুকলি হৈ আহিয়ে নিষিদ্ধ বেহাত জড়িত হৈ পৰে৷ একেদৰে অপৰাধ শাখাই স্থানীয় আৰক্ষীৰ সহযোগত ফাঁচী বজাৰৰ ৩নং গেটৰ পৰা গ্রেপ্তাৰ কৰে শ্রুতি বানু নামৰ আন এগৰাকী মহিলাক৷ এইগৰাকী শ্রুতি বানুয়ে ৰীণা বেগমৰ সহযোগী হিচাপে ড্রাগ্ছ সৰবৰাহৰ কাম কৰি আহিছিল৷ তেওঁৰ পৰাও আৰক্ষীয়ে ৬২ হাজাৰ টকাৰ নগদ ধন আৰু ব্রাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ নিষিদ্ধ ড্রাগ্ছৰ সাম্রাজ্য এফালৰ পৰা তচনচ কৰি যোৱাত কোনো ত্রুটি এৰিব বিচৰা নাই অসম আৰক্ষীয়ে৷ যাৰ বাবে উজনিৰ পৰা নামনিলৈ সর্বত্র দ্রুতগতিত অভিযান চলিছে৷

একে সময়তে এই ব্যৱসায়ৰ মূল কাণ্ডাৰীসকল যাতে সহজতে মুকলি হৈ আহিব নোৱাৰে, তাৰ বাবে ৰাজ্য চৰকাৰেও বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ সেই অনুসৰি, ৰাজ্য চৰকাৰে যোৱা ২৯ মে’ত পি আই টি এন ডি পি এছ আইনৰ অধীনত ৬জন ড্রাগ্ছ মাফিয়াৰ বিৰুদ্ধে প্রিভেনচন ডিটেনচন নির্দেশনা জাৰি কৰিছে৷ এইদৰে এতিয়ালৈকে মুঠ ১৫জন ড্রাগ্ছ মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ইপিনে, উজনি অসমৰ কাকপথাৰত হেৰ’ইনসহ ৫জন যুৱক, বৰপথাৰত ২জন আৰু ডিব্রুগড়ত ২জন সৰবৰাহকাৰী আজি গ্রেপ্তাৰ হয়৷ 

You might also like