নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰৰ জামুগুৰিত আদৰ্শ বিদ্যালয় উদ্বোধন মন্ত্ৰী যোগেন মহনৰ

বিশেষ, বাৰ্তা, ১৯ জুনঃ আজি শোণিতপুৰৰ জামুগুৰিত ৰাজ্য চৰকাৰৰ অধীনস্থ আদৰ্শ বিদ্যালয় সংগঠনৰ দ্বাৰা পৰিচালিত আদৰ্শ বিদ্যালয় জামুগুৰি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে। এই উপলক্ষ্যে আয়োজিত এক সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা আৰু তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস। উল্লেখ্যযোগ্য যে চি বি এছ ই পাঠ্যক্ৰমৰ অন্তৰ্গত ইংৰাজী মাধ্যমৰ বিদ্যালয়খন আজি শুভ উদ্বোধন কৰি মন্ত্ৰী যোগেন মহনে ৰাইজক উদ্দেশ্যি কেইবাটাও বিষয় সামৰি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। অনুষ্ঠানত মন্ত্ৰী মহনৰ লগতে শোণিতপুৰৰ উপায়ুক্ত আৰু জিলাখনৰ কেইবাজনো বিভাগীয় উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত আছিল। উপস্থিত ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণ প্ৰসংগত মন্ত্ৰী মহনে উল্লেখ কৰে যে আজি উদ্বোধন কৰা আদৰ্শ বিদ্যালয়খনৰ দ্বাৰা শোণিতপুৰ জিলাৰ জামুগুৰিৰ গ্ৰামাঞ্চলৰ লোকসকল বিশেষভাৱে উপকৃত হ’ব। তাৰ উপৰি উক্ত অঞ্চলৰ মধ্যবিত্ত লোকসকলে নিজৰ সন্তানক উপযুক্ত শিক্ষা দি এক সুন্দৰ সামাজিক আৰু শৈক্ষিক পৰিৱেশ গঢ় দিব পাৰিব বুলি মন্ত্ৰী মহনে মন্তব্য কৰে। মন্ত্ৰী মহনে উল্লেখ কৰা অনুসৰি আগন্তুক দিনত ৰাজ্য চৰকাৰখনে এই আদৰ্শ বিদ্যালয় সমূহত নতুনকৈ গৃহ; ছাত্ৰাৱাস আৰু অন্যান্য আন্তঃগাথঁনিমূলক উন্নয়নৰ আঁচনি হাতত ল’ব। উল্লেখ্যযোগ্য যে সমগ্ৰ অসমতে এনে ১৮ খন আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধনৰ ব্যৱস্থা কৰা হৈছে আৰু পূৰ্বতে এনে আদৰ্শ বিদ্যালয়ৰ সংখ্যা আছিল ৩৮ খন। “শিক্ষা ব্যৱস্থাটো হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰূপ আৰু এখন বিদ্যালয় হৈছে ব্যক্তি গঢ় দিয়া অনুষ্ঠান। এনে আদৰ্শ বিদ্যালয় সমূহে সমাজৰ শিক্ষা ব্যৱস্থাটোত এক প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তুলিব। লগতে এই আদৰ্শ বিদ্যালয় সমূহে খেলা-ধূলাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব। এনে আদৰ্শ বিদ্যালয় সমূহে আমাৰ সামগ্ৰিক শিক্ষা ব্যৱস্থাটোত এক সুন্দৰ শৈক্ষিক বাতাবৰণ গঢ় লৈ উঠাত সহায় কৰিব। আজি উদ্বোধন কৰা এই আদৰ্শ বিদ্যালয়খনৰ দ্বাৰা চতিয়া সমষ্টিৰ এক বহুদিনীয়া অভাৱ পূৰণ হ’ল- উপস্থিত ৰাইজক উদ্দেশ্যি মন্ত্ৰী মহনে এনেদৰে কয়।

You might also like