নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ ৰাসস্থলীত হস্ততাঁত বস্ত্ৰমেলা উদ্বোধন মুখ্যমন্ত্ৰী অএছডি হেমন্ত চৌধুৰীৰ

বিশেষ বাৰ্তা, ৯ নৱেম্বৰঃ বস্ত্ৰনগৰী শুৱালকুছিত অনুষ্ঠিত হৈ থকা ৰাস মহোৎসৱস্থলীত ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ বিভাগ আৰু আৰ্টফেডৰ উদ্যোগত আজিৰে পৰা অনুষ্ঠিত হৈছে হস্ততাঁত বস্ত্ৰমেলা ৷ আজি সন্ধিয়া বস্ত্ৰমেলাখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে বস্ত্ৰমেলাত শুৱালকুছি আৰু পাৰ্শ্চৱৰ্তী অঞ্চলৰ ৰাইজে বিভিন্ন কাপোৰ আৰু সামগ্ৰী সুলভ মুল্যত ক্ৰয় কৰিব পাৰিব বুলি উল্লেখ কৰে ৷ ৰাজ্যৰ হস্ততাঁত বস্ৰশিল্প বিভাগে আৰ্টফেডৰ জৰিয়তে শুৱালকুছি ৰেহাই মূল্যত তাঁতশিল্পৰ বাবে প্ৰয়োজনীয় কেচাঁমাল শিপিনীসকলক যোগান ধৰি আহিছে বুলি তেওঁ উল্লেখ কৰি কয় যে কেচাঁমালৰ পৰা উৎপাদিত পাট আৰু তচ কাপোৰ আৰ্টফেড ক্ৰয় কৰি ইয়াৰ শিপিনীসকলক সকাহ দিয়াৰো ব্যৱস্থা বাহাল ৰাখিছে৷ শুৱালকুছিৰ বস্ত্ৰশিল্পৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত ৩০ কোটি টকাৰ এক আচনি প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰাৰ কথা জানিবলৈ দি তেওঁ কয় যে উক্ত আচনিৰ অনুমোদন হলেই শুৱালকুছিৰ ঐতিহাসিক বস্ত্ৰশিল্পৰ বিভিন্ন দিশৰ উন্নয়ন সম্ভৱ হৈ উঠিব ৷ তেওঁ পুনৰ কয় যে শুৱালকুছিৰ বস্ত্ৰশিল্পত এচাম কুচক্ৰান্তকাৰীয়ে কালিমা সনাৰ বাবে নকল কাপোৰ বিক্ৰী কৰি থকাটো অতি দূৰ্ভাগ্যজনক ৷ চৰকাৰে সেই সকল কুচক্ৰান্তকাৰী ব্যৱসায়ী আৰু বিপনীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু এই কাৰ্য বন্ধ নকৰিলে অনাগত দিনত চৰকাৰে ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা হাতত লোৱা হব বুলি সংশ্লিষ্ট সকলক সকিয়াই দিয়ে৷ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ সঞ্চালক পৰাশমণি মহন্তই আদৰণী ভাষণত বস্ৰমেলা সন্দৰ্ভত বিস্তৃতভাবে উল্লেখ কৰি ৷ উদ্বোধন অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা, বিজেপি শুৱালকুছি মণ্ডল সভাপতি হেমচন্দ্ৰ বৈশ্য, ৰাস উদযাপন সমিতিৰ সভাপতি প্ৰাণজিৎ দাস বিভাগৰ কেবাজনো বিষয়া- কৰ্মচাৰী প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট নাগৰিক উপস্থিত থাকে৷ ১৭ নবেম্বৰলৈ চলিব লগা শুৱালকুছিৰ বস্ত্ৰমেলাত অসমৰ বহুকেইখন কপোৰৰ দোকানৰ লগতে বিভিন্ন সামগ্ৰীৰ বিপনী আৰু কেবাখনো বহিৰাজ্যৰ কাপোৰৰ বিপনীয়ে অংশ গ্ৰহণ কৰিছে ৷

প্ৰেৰক দিলীপ মেধি

You might also like