নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰি জাতীয় বিদ্যালয়ৰ নৱাগত আদৰণী সভাত আলোচনী উন্মোচন

নিয়মীয়া বাৰ্তা, ৬ জুনঃ শিক্ষাক এক শৈক্ষিক আন্দোলন হিচাপে লৈ ২০০৪ চনতে  সোণাৰি চাপৰিৰ মাজ মজিয়াত প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয় সোণাৰি চাপৰিৰ দাদ্বশ বাৰ্ষিক নবাগত আদৰণি সভাখন ৬ জুনত দিনজোৰা কাৰ্যসুচীৰে বিদ্যালয়ৰ স্বায়ী পেক্ষাগ্‌হত অনুস্থিত কৰা হয় ৷ কাৰ্যসূচী মতে পুৱা পৰিবেশ নিকাকৰণৰ পিছতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে জাতীয় বিদ্যালয় সোণাৰি চাপৰিৰ অধ্যক্ষ ভদ্ৰকান্ত গগৈয়ে ৷ বিদ্যালয়ৰ সহ শিক্ষক প্ৰশান্ত হাজৰিকাই ব্‌ক্ষ ৰোপণ, উপাধ্যক্ষ অভিজিত শইকীয়াই স্মৃতি তৰ্পণ কৰাৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ একত্ৰাসভাৰ জৰিয়তে নবাগতা সকলক আদৰণি বিদ্যালয়ৰ আলোচনী “প্ৰবাহ“ উন্মোচন কৰে উজনি মাজুলীৰ জোনাকী ছমহীয়াআটি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ জেষ্ঠ শিক্ষক প্ৰবিণ কুমাৰ দত্তই ৷ দুপৰীয়া জাতীয় বিদ্যালয় সোণাৰি চাপৰিৰ ছাত্ৰছাত্ৰী সকলে সমবেত সংগীতেৰে শুভাৰম্ভ কৰা আৰু বিদ্যালয়ৰ অধ্যক্ষ ভদ্ৰকান্ত গগৈৰ সঞ্চালনাত অনুস্থিত মুকলি সভা উদ্বোধন কৰে বিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতিৰ সম্পাদক অজিত খনিকৰে ৷ সভাত ঢকুৱাখনা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ  চেনীৰাম বৰুৱা মুখ্য অতিথি , জেংৰাই মুখ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰবী অধ্যাপক বিনোদ দাস নিদিষ্ট বক্তা , জাতীয় বিদ্যালয় সোণাৰি চাপৰি পৰিচালনা সমিতিৰ সভাপতি হৰিনাৰায়ণ গগৈ বিশিষ্ট অতিথি, ৬৫৩ নং সোণাৰি চাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুনিন্দ্ৰ চুতীয়া আমন্ত্ৰিত অতিথি আৰু  শতাধিক ছাত্ৰছাত্ৰী অভিভাৱক/অভিভাবিকা উপস্থিত থকা সভাখন গীতেমাতে সজায় তোলে সোণাৰি চাপৰি অঞ্চলৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী অজয় পেগুৰ পৰিচালনাত বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে ৷
প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like