নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৰাঙত শুকালে জলাশয়ঃ আৱিষ্কাৰ হ’ল প্ৰাচীন চহৰ

বিশেষ বাৰ্তা, ৬ জুনঃ জলাশয়ৰ জল শুকাই যোৱাৰ পাচত উদ্ধাৰ হৈছে এখন হেৰাই যোৱা চহৰ। শুনি আচৰিত লাগিলও এই কথা সঁচা। প্ৰায় ৩৪০০ বছৰ পুৰণি বুলি অনুমান কৰা ইৰাকৰ এখন প্ৰাচীন চহৰ দেশখনৰ কেমুনৰ কুৰ্দিস্তান অঞ্চলত উদ্ধাৰ কৰা হৈছে। হঠাৎ আৱিষ্কাৰৰ আঁৰৰ কাৰণ আচলতে বৰ খৰাং অৱস্থাৰ বাবে ইৰাকৰ সৰ্ববৃহৎ জলাশয়টোৰ জলস্তৰ হ্ৰাস হোৱা। ব্ৰঞ্জ যুগৰ বুলি ধাৰণা কৰা এই বসতিস্থলটো টাইগ্ৰীছ নদীৰ এটা নিৰ্দিষ্ট অঞ্চল শুকাই যোৱাৰ পিছত পোৱা গৈছিল। জলভাণ্ডাৰটোৰ পানী বৃদ্ধি পোৱাৰ বাবে অৱশ্যে পাছত টাইমাৰত খনন কৰা হৈছিল। জাৰ্মান আৰু কুৰ্দি পুৰাতত্ত্ববিদৰ গৱেষকে উল্লেখ কৰিছে যে এই প্ৰাচীন চহৰখন সম্ভৱতঃ মিট্টানী সাম্ৰাজ্যৰ সময়ত খ্ৰীষ্টপূৰ্ব ১৫৫০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১৩৫০ চনলৈকে এটা মূল কেন্দ্ৰ আছিল।

You might also like