নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ধুবুৰীৰ এটা আটামিলত কালিৰ পৰা আয়কৰ বিভাগে প্ৰায় ৩০ ঘন্টীয়া এক অভিযান চলোৱাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। গুৱাহাটীৰ আয়কৰ বিভাগৰ এটি বিশেষ দলে অতি সংগোপনে চলোৱা সেই অভিযানত কি তথ্য উন্মোচিত হ’ল সেয়া জানিব পৰা যোৱা নাই। আনকি গোপনীয়তাৰ খাতিৰত অভিযান চলি থকা কালত ধুবুৰীৰ স্থানীয় সংবাদ মাধ্যমকো মিলটোত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল দলটোৱে। আনহাতে আটা মিলটোৰ স্বত্বাধিকাৰী গুৱাহাটীৰ জনৈক দেউৰা উপাধিৰ ব্যৱসায়ীগৰাকীৰ গুৱাহাটীস্থিত বাসগৃহকে ধৰি অইন অইন প্ৰতিষ্ঠানতো আয়কৰ বিভাগৰ অভিযান চলা বুলি এক অসমৰ্থিত সূত্ৰযোগে প্ৰকাশ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী