বিশেষ বাৰ্তা, ৭ এপ্রিলঃ দেশত পুনৰ মাৰাত্মক ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পাবলৈ ধৰিছে৷ বিগত কেইবাদিন ধৰি দেশৰ বিভিন্ন ৰাজ্যত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈছে ৬০৫০৷ এই লৈ দেশত সম্প্রতি ক’ভিডত আক্রান্তৰ সংখ্যা ২৮,৩০৩লৈ বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা হৈছে ২০৩দিনৰ ভিতৰত সর্বাধিক৷ বিগত বর্ষৰ ১৬ ছেপ্ঢেম্বৰত এদিনত ৬২৯৮ আক্রান্ত হৈছিল৷ দেশজুৰি ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি আজি কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াই ৰাজ্য/কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ স্বাস্থ্যমন্ত্রীৰ সৈতে ক’ভিড–১৯ক লৈ পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে৷ এই বৈঠকত ক’ভিড–১৯ক লৈ ৰাজ্য/কেন্দ্রীয়শাসিত অঞ্চলসমূহে সজাগতা আৰু সতর্কতা অৱসম্বনৰে চিকিৎসালয়সমূহত ক’ভিড–১৯ক লৈ চলোৱা প্রস্তুতি সন্দর্ভত বিতং আলোচনা কৰা হয়৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য/কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ চিকিৎসালয়ত ক’ভিডক লৈ প্রস্তুতিৰ বিষয়ে মকড্রিলৰ নির্দেশ দিয়া হয়৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে দেশৰ চিকিৎসালয়সমূহত ১০ আৰু ১১ এপ্রিলত মকড্রিল কৰিবলৈ ৰাজ্য/কেন্দ্রীয়শাস্তি অঞ্চলক নির্দেশ দিছে৷ ইয়াৰ উপৰি ৮ আৰু ৯ এপ্রিলত জিলা প্রশাসন আৰু স্বাস্থ্য বিষয়াৰ সৈতে ক’ভিডক লৈ প্রস্তুতিৰ পর্যালোচনা অনুষ্ঠিত কৰাৰো পৰামর্শ দিয়া হৈছে৷ উল্লেখ্য যে যোৱা ৫ এপ্রিলত ক’ভিড সৱলীকৰণ গ্রুপে পর্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল৷ এই বৈঠকত ডাঃ ভি কে পল, ডাঃ ৰাজীৱ বেহেল, আইচিএমআৰৰ শীর্ষ বিষয়াৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকলো উপস্থিত আছিল৷ এই বৈঠকতো দেশৰ ক’ভিড পৰিস্থিতি আৰু ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ চলোৱা প্রস্তুতিৰ ওপৰত আলোচনা হৈছিল৷ মন কৰিবলগীয়া যে যোৱা ২২ মার্চত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড সম্পর্কীয় পৰিস্থিতি আৰু স্বাস্থ্য খণ্ডত প্রস্তুতিক লৈ উচ্চ পর্যায়ৰ বৈঠকত মিলিত হৈছিল৷ কাল মহামাৰী ক’ভিড–১৯ৰ সৈতে মোকাবিলা কৰিবলৈ ৫ তৰপীয়া কৌশলক অৱলম্বন কৰিবলৈ ৰাজ্য/কেন্দ্রীয়শাসিত অঞ্চলসমূহক পৰামর্শ দিয়া হৈছে৷ এই কৌশলকেইটা হৈছে পৰীক্ষণ–চিনাক্তকৰ্, চিকিৎসা, টিকাকৰণ আৰু ক’ভিড সঠিক আচৰণ৷ সকলো শ্বাস প্রশ্বাসজনিত ৰোগৰ ক্ষেত্রত পৰীক্ষণৰ বাবে লেবৰেটৰী নিৰীক্ষণ বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে৷ তাৎপর্যপূর্ণ যে চলিত বর্ষত উত্তৰ প্রদেশত ক’ভিডত আক্রান্ত হৈ এজন ৰোগীৰ মৃত্যু ঘটাৰ পূর্বে মহাৰাষ্ট্র, কর্ণাটক আদি ৰাজ্যত এই মাৰাত্মক ভাইৰাছটোত আক্রান্ত হৈ কেইবাজনো লোকৰ মৃত্যু ঘটিছে৷ দেশৰ ৰাজধানী নতুন দিল্লীতো ক’ভিডত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ প্রসংগক্রমে উনুকিয়াও যে কেন্দ্রীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্রীয়শাস্তি অঞ্চলসমূহক সম্প্রতি বিশ্ব স্বাস্থ্য সংস্থাই সূক্ষ্ম নিৰীক্ষণ কৰি থকা ক’ভিডৰ প্রকৰণ এক্স এক্স বি.১.৫ আৰু ৬টা প্রকৰণ বি কিউ.১,বিএ.২.৭৫, চিএইচ.১.১, এক্স বি বি, এক্স বি এফ আৰু এক্স বি বি .১.১৬ৰ ওপৰত সজাগ আৰু সতর্ক হ’বলৈও পৰামর্শ আগবঢ়াইছে৷