নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ চিকিৎসা মহাবিদ্যালয়ত ভূটানৰ শিক্ষার্থীৰ আসন বৃদ্ধি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে’ : ভাৰত–ভূটানৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত ভূটানৰ শিক্ষার্থীসকলৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ৫খনলৈ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ পূর্বে ভূটানৰ শিক্ষার্থীৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দুখন আসন সংৰক্ষিত আছিল৷ এতিয়াৰে পৰা এই দুখন আসনৰ উপৰি ৰাজ্যৰ আন চিকিৎসা মহাবিদ্যালয়সমূহত্ তিনিখন অতিৰিক্ত আসন সংৰক্ষিত হ’ব৷ থিম্ফুস্থিত ভাৰতীয় দূতাবাসে এক বিজ্ঞপ্তিযোগে অসমত ভূটানৰ শিক্ষার্থীৰ বাবে সংৰক্ষিত আসন বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে৷ উল্লেখ্য যে যোৱা নৱেম্বৰত ভূটানৰ ৰজাই ভাৰত ভ্রমণ কৰিছিল৷ ভ্রমণৰ সময়ছোৱাত ভূটানৰ ৰজাগৰাকীয়ে অসমত নিশা কটোৱাৰ লগতে কাজিৰঙাৰ সৌন্দর্য উপভোগ কৰিছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো ভূটানৰ ৰজাগৰাকীক সাক্ষাৎ কৰি দেশ দুখনৰ দ্বিপাক্ষিক সম্পর্ক শক্তিশালীকৰণৰ বিষয়ে আলোচনা কৰিছিল৷ সেই ভ্রমণৰ সময়তে কেন্দ্রীয় চৰকাৰে ভূটানৰ শিক্ষার্থীৰ বাবে অসমত চিকিৎসা মহাবিদ্যালয়ৰ আসন বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছিল৷

You might also like