নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতাক মাধমাৰ শোধাই ৰহা টোলগেটত বৃদ্ধি টোল কৰ

নিয়মীয়া বাৰ্তা, ৩ জুনঃ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তত্বাৱধানত অসমত স্থাপন কৰা ৰাজ্যৰ প্ৰথমখন টোলগেট ৰহা (ৰণথলী) টোলগেটত পুনৰ বৃদ্ধি পালে টোলকৰ। জানিব পৰা মতে যোৱানিশা ১২ বজাৰ পৰা প্ৰতিখন চাৰিচকীয়া বাহনৰ টোলকৰ ৩-৫ শতাংশকৈ বৃদ্ধি পালে। উল্লেখ্য যে, চলিত বছৰৰ এক এপ্ৰিলৰ পৰা ২০২৪-২৫ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পুনৰ টোলকৰ (সংশোধনিত) সংগ্ৰহৰ বাবে চলিত বৰ্ষৰ যোৱা ২৮ মাৰ্চ তাৰিখৰ (RO-Guwahati letter no. NHAI /RO/ GHY/ 2015/ NGN/RAHA (TOLL PLAZA)/ Vol.-IV/26153 dted.27.3.2024) আৰু NHAI/PIU/GHY/Toll plaza (Raha)/2024/24911 dated. 28.3.2024 নম্বৰ মতে এক নিৰ্দেশ প্ৰদান কৰে ৰহা টোলগেটক। প্ৰাপ্ত খবৰমতে এপ্ৰিল মাহত ৰাজ্যত লোকসভা নিৰ্বাচনৰ বাবে জনসাধাৰণক চক্ষুৰ আঁৰত ৰাখি টোলকৰ বৃদ্ধি প্ৰসংগটো গোপনে ৰাখি শেহতীয়াকৈ যোৱানিশা ১২ বজাৰ পৰা পুনৰ বৃদ্ধি কৰিছে টোলকৰ। এফালেদি ৰাজ্যত বানৰ শোচনীয় পৰিস্থিতিৰ মাজতে আজিৰ (৩ জুনৰ) পৰা ৰহা টোলগেটত বৃদ্ধি হ’ল ৫ শতাংশ টোলকৰ। তথ্য অনুসৰি কালিলৈকে এখন সৰু চাৰিচকীয়া বাহনে এবাৰ টোলগেট পাৰ হ’লে দিবলগা হৈছিল ১১৫ টকা। এতিয়া সেই বাহনে ভৰিব লাগিব ১২০ টকা। সেইদৰে স্থানীয় লোকে ৫৫ টকাৰ বিপৰীতে দিব লাগিব ৬০ টকা। সেই অনুসৰি লঘূ মালবাহী বাহনে এবাৰত১৮৫ টকাৰ বিপৰীতে ১৯০ টকা আৰু পুনৰ ঘূৰি আহিলে ২৮০ টকাৰ বিপৰীতে ২৮৫ টকা; বাছ আৰু ট্ৰাক (two axles) এবাৰত ৩৮০ টকাৰ বিপৰীতে ৪০০ টকা, পুনৰ ঘূৰি আহিলে ৫৮৫ টকাৰ বিপৰীতে ৫৯৫ টকা; বাণিজ্যিক বাহনে এবাৰত ৪২৫ টকাৰ বিপৰীতে ৪৩৫ টকা আৰু ঘূৰি আহিলে ৬৩৫ টকাৰ বিপৰীতে ৬৫০ টকা; গুৰু বাণিজ্যিক বাহনে এবাৰত ৬১০ টকাৰ বিপৰীতে ৬২৫ টকা আৰু ঘূৰি আহিলে ৯১৫ টকাৰ বিপৰীতে ৯৩৫ টকা আৰু অতিৰিক্ত আকাৰৰ (seven or more axles) বাহনে এবাৰত ৭৪০ টকাৰ বিপৰীতে ৭৬০ টকা আৰু পুনৰ ঘূৰি আহিলে ১১১০ টকাৰ বিপৰীতে ১১৪০ টকাকৈ ভৰিব লাগিব টোলকৰ। উল্লেখ্য যে টোলকৰ বিগত কৰতকৈ ৫ শতাংশকৈ বৃদ্ধি হোৱাৰ ফলত প্ৰতিবাৰত ৫ টকাৰ পৰা ৩০ টকা পৰ্যন্ত বৃদ্ধি পাইছে টোলকৰ। যদি এখন টোলগেটতেই এনেকৈ বৰ্ধিত টোলকৰ আদায় দিবলগা হয় তেন্তে ৰাজ্যৰ ১১ খন টোলগেটত বৰ্ধিত টোলকৰ আদায় দিব লাগিব প্ৰতিখন চাৰিচকীয়া বাহনে। এফালে খাদ্যবস্তু, ঔষধ আৰু অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আনফালেদি টোলকৰে সৰ্বসাধাৰণক দিছে পুনৰ মাধমাৰ।

প্ৰেৰক ভৱজয় ডেকা

You might also like