এদিনীয়া বিশ্বকাপৰ পূর্বে বেকফুটত পাকিস্তান
বিশেষ বাৰ্তা, ২৩ জুনঃ ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ পূর্বে বেকফুটত পাকিস্তান৷ বিশ্বকাপৰ খচৰাসূচী অনুসৰি তিনিখন ষ্টেডিয়ামত খেলিবলৈ আপত্তি কৰিছিল বাবৰ আজমৰ দলে৷ সেই ষ্টেডিয়ামকেইখন সলনি কৰাৰ আবেদন কৰিছিল তেওঁলোকে৷ কিন্তু তেওঁলোকৰ আবেদন নাকচ কৰিলে ভাৰতীয় ক্রিকেট ব’র্ডে৷ একেই সিদ্ধান্ত ল’লে আইচিচিয়েও৷ এটি ক্রিকেট ৱেবছাইটত প্রকাশিত প্রতিবেদন অনুসৰি পাকিস্তানৰ সূচী পৰিৱর্তনৰ দাবীৰ নেপথ্যত কোনো যুক্তিযুক্ত কাৰণ বিচাৰি পোৱা নাই৷ তদুপৰি বিশ্বকাপত কোনখন খেলপথাৰত কোনে খেলিব সেয়া নির্ধাৰণ কৰাৰ দায়িত্ব আয়োজক দেশখনৰ৷ কোনো সালসলনি কৰিব বিচাৰিলে তেওঁলোকে আইচিচিৰ অনুমতি ল’ব লাগিব৷ কেৱল সুৰক্ষাক লৈ প্রশ্ণ উঠিলেহে সূচী সলনি হ’ব পাৰে৷ অন্যথা নির্ধাৰিত সূচীতেই খেলিব লাগিব৷ পাকিস্তান ক্রিকেট ব’ডক নিজৰ সিদ্ধান্তৰ বিষয়ে জনাই দিছে বিচিচিআই আৰু আইচিচিয়ে৷ পাকিস্তান ক্রিকেট ব’র্ডে জনাইছিল যে আহমেদাবাদত ভাৰত, চেন্নাইত আফগানিস্তান আৰু বাংগালুৰুত অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলিবলৈ সন্মত নহয় তেওঁলোক৷ তিনিখন খেলপথাৰত নেখেলাৰ নেপথ্যত তিনিটা সুকীয়া কাৰণ আছিল৷ আহমেদাবাদত খেলিব নিবিচৰাৰ প্রধান কাৰণ আছিল নিৰাপত্তা৷ ২০১৬ চনৰ টি–২০ বিশ্বকাপত নিৰাপত্তাৰ কাৰণ দেখুৱাই ধর্মশালাৰ পৰা ভাৰত–পাকিস্তান মেচ কলকাতালৈ স্থানান্তৰ কৰা হৈছিল৷ চেন্নাইত স্পীন সহায়ক উইকেটত আকৌ আফগানিস্তানৰ স্পীনাৰসকলৰ বিৰুদ্ধে খেলিব বিচৰা নাছিল পাকিস্তানে৷ ৰছিদ খান, নুৰ আহমেদহঁতক এৰাই চলিব বিচাৰিছিল বাবৰ আজমৰ দলে৷ ইপিনে বাংগালুৰুৰ বেটিং সহায়ক উইকেটত অষ্ট্রেলিয়াৰ বেটাৰসকলৰ বিৰুদ্ধে খেলিবলৈ সন্মত নহয় পাকিস্তান৷ সেই বিষয়ক লৈ পাকিস্তানে আইচিচিৰ দ্বাৰস্থও হৈছিল৷ পাক ক্রিকেট ব’ৰ্ডৰ এনে মনোভাবক লৈ সমালোচনাৰো সৃষ্টি হৈছিল৷ কাৰণ বিশ্বকাপৰ দৰে প্রতিযোগিতাত যিকোনো খেলপথাৰত কোনো প্রতিপক্ষৰ বিৰুদ্ধে খেলিবই লাগিব৷ নিজৰ পছন্দ অনুসৰি ষ্টেডিয়াম বিচৰা কার্যক বহুতে সমালোচনা কৰিছে৷ এইবাৰ বিচিচিআই আৰু আইচিচিয়েও পাক ব’ৰ্ডক স্পষ্টভাৱে জনাই দিছে যে খেলৰ স্থান সলনি কৰা নহ’ব৷