নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঙুৰলতা ডেকাক লৈ ফেচবুকত অশালীন মন্তব্য; যুৱকক গ্রেপ্তাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২২ জুনঃ বটদ্রৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে চ’ছিয়েল মিডিয়া ফেচবুকত অতি অশালীন মন্তব্য কৰি নগাঁও আৰক্ষীৰ জালত পৰিল জিলা খনৰ ওপৰ ডুমডুমীয়াৰ অভিনন্দন নাথ নামৰ এজন যুৱক৷

নগাঁও আৰক্ষী সূত্রই জনোৱা মতে,বটদ্রৱা বিধান সভা সমষ্টিৰ বিজেপি দলৰ বিধায়িকা আঙুৰলতাৰ ফেচবুক পেজত ‘আন্ধাৰৰ আঁৰত জোনাকী’ নামৰ এটা ফেচবুক একাউণ্টৰ পৰা বিধায়িকাগৰাকীক উদ্দেশ্যি অত্যন্ত অশ্লীল মন্তব্য প্রকাশ কৰিছিল৷ এই সন্দর্ভত শনিবাৰে বটদ্রৱা সমষ্টিৰ বিজেপি দলৰ কর্মী ভাস্কৰ বৰাই নগাঁও সদৰ আৰক্ষী থানাত এখন এজাৰৰ দাখিল কৰে৷ সেই এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে নগাঁও সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৩৫৪(এ)/২৩৪ ডি আই পি চি আৰ/ডব্লিউ ধাৰা ৬৭ আই টি এক্টৰ অধীনত ১৪৭৮/২০২০নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে৷

নগাঁও আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত দিয়া পষ্টটোৰ ওপৰত ক্ষিপ্রতাৰে তদন্ত কৰি আজি ওপৰ ডুমডুমীয়াৰ অভিনন্দন নাথ নামৰ যুৱক এজনক গ্রেপ্তাৰ কৰাৰ লগতে আউনীআটীৰ গম্ভীৰ বৰা নামৰ আন এজন যুৱকক সোধা–পোছাৰ বাবে আটক কৰিছে৷ সম্প্রতি দুয়োকে নগাঁও সদৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷

You might also like