নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা আৰক্ষী বিষয়াক অশালীন আচৰণঃ বিধায়ক জিগনেশ মেৱানীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবীত কোকৰাঝাৰত উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অতি আপত্তিজনক আৰু মৰ্যাদা হানিকৰ টুইট কৰি কোকৰাঝাৰ আৰক্ষীৰ হাতত আটক হোৱাৰ পিছতেই গুজৰাটৰ দলিত নেতা কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীয়ে কৰ্তব্যৰত এগৰাকী মহিলা আৰক্ষী বিষয়াক চূড়ান্ত অশালীন আচৰণ কৰাৰ বিৰুদ্ধে আজি প্ৰতিবাদত উত্তাল হৈ পৰিল কোকৰাঝাৰ চহৰ। গুজৰাটৰ পৰা অনাৰ পিছত গুৱাহাটী বিমানবন্দৰৰ পৰা আৰক্ষীৰ বাহনত কোকৰাঝাৰলৈ নিয়াৰ সময়ত বৰপেটাৰোড এলেকাত কৰ্তব্যৰত মহিলা আৰক্ষী বিষয়াক বাৰম্বাৰ বিধায়ক মেৱানীয়ে অশালীন আচৰণ তথা শাৰীৰিকভাৱে অপদস্থ কৰে। এনে কাৰ্যৰ বিৰুদ্ধে মহিলা বিষয়াগৰাকীয়ে বৰপেটাৰোড আৰক্ষী থানাত ইতিমধ্যে এজাহাৰো দাখিল কৰিছে। কাৰ্যতঃ কংগ্ৰেছ বিধায়ক মেৱানীয়ে কৰ্তব্যৰত অৱস্থাত এগৰাকী মহিলা এনেদৰে শাৰীৰিকভাৱে অপদস্থ তথা অশালীন আচৰণ কৰা কাৰ্যৰ বিৰুদ্ধে আজি কোকৰাঝাৰ চহৰৰ ৰাজপথলৈ ওলাই আহে শতাধিক পুৰুষ-মহিলা। এনে অপৰাধৰ বাবে কংগ্ৰেছ বিধায়ক মেৱানীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। অন্যথা ইয়াৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আৰু অধিক কঠোৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব।

You might also like