নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাগত স্বাধীনতা দিৱসক লৈ নগৰবেৰাত তৎপৰতা

নিয়মীয়া বাৰ্তা,  ৭ আগষ্ট : সমাগত স্বাধীনতা দিৱস উপলক্ষে নগৰবেৰা ৰাজহ চক্ৰ কাৰ্যালয় প্ৰাংগণত ৰাজহ চক্ৰ বিষয়া বনশ্ৰী মালাকাৰৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত হয় | সভাত নগৰবেৰা আঞ্চলিক মৌজা কমিটীৰ সভাপতি উদয়শংকৰ মেধিকে প্ৰমুখ্য কৰি নগৰবেৰা আৰক্ষী থানা, ছমৰীয়া উন্নয়ন খণ্ড, সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়, গাওঁ পঞ্চায়ত সমবায় সমিতি, বিভিন্ন শিক্ষানুষ্ঠান আৰু অঞ্চলটোৰ প্ৰতিটো বিভাজৰে প্ৰতিনিধি তথা ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে | আজিৰ সভাত পূৰ্বৰ পৰম্পৰা অটুট ৰাখি এইবেলিও নগৰবেৰা উঃ মাঃ বিদ্যালয় প্ৰাংগণত কেন্দ্ৰীয়ভাৱে আৰু সন্মিলিত প্ৰচেষ্টাৰে উদযাপনৰ সিদ্ধান্ত লয় যদিও ৯ আগষ্টত পুনৰ সকলোৱে মিলি চূড়ান্ত সিদ্ধান্তৰ বাবে মিলিত হোৱাৰ আলোচনাৰে সভাৰ সামৰণি মৰা হয় |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like