নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰা দেশ ভাৰতবৰ্ষ : দিগন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা,১৭ মাৰ্চঃ বিশ্ব শান্তিৰ বাবে নলবাৰী জিলাৰ গোৱৰাদল গাঁৱৰ পদ্মপাৰা চ’কত আজিৰ পৰা যথাবিহিত ধর্মীয় ৰীতি-নীতিৰে অনুষ্ঠিত শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞত সেৱা লৈ ধৰ্মালোচনা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী প্ৰতিথযশা সাহিত্যিক,অনুবাদক দিগন্ত বিশ্ব শৰ্মাই৷ যজ্ঞ পৰিচালনা সমিতিৰ সভাপতি চন্দন ভট্টাচাৰ্য্যৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনা সভাত সাহিত্যিকগৰাকীয়ে ভাষণ আগবঢ়াই কয় যে “সমগ্ৰ বিশ্বৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰা দেশ হ’ল ভাৰতবৰ্ষ৷ ভাৰতবৰ্ষই সদায় সমগ্ৰ বিশ্বৰ বাবে চিন্তা কৰি আহিছে৷ পৃথিৱীৰ আন-আন দেশৰ জাতীয়তাবাদ নিজৰ দেশক লৈ৷ কিন্তু ভাৰতবৰ্ষৰ জাতীয়তাবাদ নিজৰ বাবে নহয়, সমগ্ৰ বিশ্বৰ বাবে৷ সেই কাৰণে আমাৰ ঋষিমুনিসকলে পৃথিৱীৰ সন্তান বুলিয়েই কৈ আহিছিল৷ ভাৰতীয় জাতীয়তাবাদ বিশ্বজনীন৷ ভাৰতবৰ্ষত জগত জননীৰ ধাৰণা আছে৷ আমাৰ ভাৰতবৰ্ষত কৰা যজ্ঞবোৰ সাধাৰণতে বিশ্ব শান্তিৰ বাবে কৰোঁ৷ তাহানিৰ দিনৰ পৰা ঋষিসকলে পালন কৰা পৰম্পৰা আমাৰ ৰন্ধ্ৰে-ৰন্ধ্ৰে সোমাই আছে৷ আমি অকল নিজৰ কথা ভাবিব নোৱাৰোঁ৷ ভাৰতবৰ্ষ কেতিয়াও স্বাৰ্থপৰ নহয়৷ পৃথিৱীৰ আন দেশে কাম কৰিলে নিজৰ সম্প্ৰদায়ৰ বাবে নাইবা নিজৰ ভালৰ কাৰণে কাম কৰে৷ কিন্তু ভাৰতবৰ্ষই পৃথিৱীৰ সকলোৰে বাবে, সকলোৰে মংগলৰ বাবে কাম কৰে৷

প্ৰেৰক শৈলেন বৰ্মন

You might also like