নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰ-আইজল পথত ছুমো-ট্ৰাকৰ সংঘৰ্ষত ৩জনৰ প্ৰাণহানি, আহত ৮

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চ : শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। আজি পুৱা আইজল দিশৰ পৰা অহা যাত্ৰীবাহী ছুমো-ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত কমেও তিনিজন যাত্ৰী নিহত হয়। ৩০৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৰসিংপুৰ অঞ্চলত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। জানিব পৰা মতে, মিজোৰামৰ পৰা আহি থকা ছুমোখনে অভাৰটেক কৰিবলৈ গৈ বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ছুমোখনৰ সন্মুখভাগ বিধ্বস্ত হৈ পৰে। স্থানীয় লোকে গাড়ী ভাঙি চালক আৰু যাত্ৰীসকলক উদ্ধাৰ কৰে। এই ঘটনাত কমেও তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তদুপৰি ৮জন যাত্ৰী আহত হয়। স্থানীয় লোকে উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। জানিব পৰা মতে, চালকজন বাৰিক নগৰ অঞ্চলৰ বাসিন্দা।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like