নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিশোধ চীনক প্রত্যাহ্বান জনাই ব্রহ্মপুত্রত ভাৰতে নির্মাণ কৰিব ১০ গিগাৱাটৰ বিশাল বান্ধ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ চীনক প্রত্যাহ্বান জনাই ভাৰত চৰকাৰে এইবাৰ অৰুণাচল প্রদেশত নির্মাণ কৰিব ১০ গিগাৱাটৰ এটা বৃহৎ নদীবান্ধ৷ কেন্দ্রীয় জল মন্ত্রালয়ে প্রস্তুত কৰা এই পৰিকল্পনাত অতি কম দিনৰ ভিতৰতে চূড়ান্ত মোহৰ মাৰিব চৰকাৰৰ সংশ্লিষ্ট শীর্ষ মহলে৷ আজি মন্ত্রালয়ৰ সূত্রই সদৰী কৰা মতে, চীনে ব্রহ্মপুত্রৰ উৎপত্তিস্থলৰ পৰা কিছু নামনিত ৬০ গিগাৱাটৰ এটা বৃহৎ বান্ধ নির্মাণৰ প্রস্তুতি চলোৱাৰ খবৰ ইতিমধ্যে দেশখনৰ সংবাদ মাধ্যমে প্রকাশ কৰিছে৷ ব্রহ্মপুত্র চীনৰ পৰা য়ার্লুং চাংপো নাম লৈ উৎপত্তি হৈছে আৰু চিয়াং নামেৰে অৰুণাচল প্রদেশৰ মাজেৰে বৈ আহি অসমত ব্রহ্মপুত্র নামেৰে পৰিচিতি লাভ কৰিছে৷ এতিয়া যদিহে চীনে ব্রহ্মপুত্রৰ উৎপত্তিস্থলত ৬০ গিগাৱাটৰ বান্ধ নির্মাণ কৰে, তেনেহ’লে ইয়াৰ প্রত্যক্ষ প্রভাৱ পৰিব নামনিত থকা ভাৰতৰ দুই ৰাজ্য অৰুণাচল প্রদেশ আৰু অসমত৷ এই বিৰূপ প্রভাৱৰ মাত্রা হ্রাস কৰিবলৈকে অৰুণাচল প্রদেশত ভাৰত চৰকাৰে ১০ গিগাৱাটৰ বান্ধটো নির্মাণৰ প্রস্তুতি চলাইছে বুলি জল মন্ত্রালয়ৰ বিষয়া টি এছ মেহৰাই সদৰী কৰিছে৷ অৱশ্যে বান্ধ নির্মাণৰ লগত দুই দেশৰ কূটনৈতিক যুঁজখনৰো সম্পর্ক আছে৷ ভাৰত–চীন সম্পর্কৰ বিশেষজ্ঞ ব্রহ্ম চেলানীৰ মতে হিমালয়ৰ পাদদেশ, বিশেষকৈ সামুদ্রিক অঞ্চলসমূহত চীনে ধাৰাবাহিকভাৱে আগ্রাসনৰ চেষ্টা চলাই আহিছে৷ কিন্তু দেশখনে ৬০ গিগাৱাটৰ বিশাল বান্ধ নির্মাণ কৰিবলৈ লোৱাটো জলযুদ্ধৰ আগতীয়া সংকেত৷ ড্রেগনৰ দেশখনে তেওঁলোকৰ নতুন প্রকল্পৰ প্রভাৱ ভাৰতত নপৰে বুলি ঘোষণা কৰিছে যদিও ভাৰত চৰকাৰে এয়া বিশ্বাসত ল’ব পৰা নাই৷ সেইবাবে চীনক প্রত্যাহ্বান জনাই কেন্দ্রীয় চৰকাৰেও অৰুণাচল প্রদেশত বৃহৎ প্রকল্প নির্মাণৰ কাম আৰম্ভ কৰিবলৈ লৈছে৷ কিন্তু দুই দেশৰ এই জলযুদ্ধই অসমলৈ কঢ়িয়াই আনিছে অশনি সংকেত৷ কিয়নো অৰুণাচল প্রদেশত নির্মাণ কৰা প্রতিটো সৰু–বৰ নদীবান্ধৰ ভুক্তভোগী হ’বলগীয়া হয় আমাৰ ৰাজ্যখন৷ নদীবান্ধ প্রকল্পসমূহে নামনিত থকা অসমৰ অঞ্চলত আবতৰীয়া বানৰ লগতে খৰাং পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে৷ ধ্বংস কৰি পেলাইছে নামনি অংশৰ জৈৱ–বৈচিত্র্য৷ সেইবাবেই ২০০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনক্ষম নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বিৰুদ্ধে অসমত গঢ়ি উঠিছে প্রতিৰোধ আন্দোলন৷ তাৰ মাজতে এতিয়া চুবুৰীয়া ৰাজ্যখনত ১০ গিগাৱাট অর্থাৎ ১০ হাজাৰ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনক্ষম প্রকল্প নির্মাণৰ খবৰ অসমৰ বাবে ভয়ংকৰ ভৱিষ্যতৰ ইংগিত হিচাপে বিবেচিত হৈছে৷

You might also like