নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছশ বছৰীয়া আহোম সাম্রাজ্যৰ বুনিয়াদ ‘তিপাম’ পর্যটন শিল্পৰ এক চানেকি…

কৃষ্ণা কাংকান

ফোনঃ ৯৪০১৮–১৭৯৫৯

ভাৰতৰে পূর্ব দিশৰ সূর্য উঠা দেশ৷ ভিন্ন জাতি–জনগোষ্ঠীয় বাৰেৰহণীয়া কৃষ্টি–সংস্কৃতি আৰু ভাষিক মিলনৰ সাতোৰঙী ৰামধেনুসদৃশ সৌন্দর্যৰ সমাহাৰ এই দেশ৷ উজনি–নামনি, পাহাৰ–ভৈয়াম সামৰি সেউজ প্রাকৃতিক সম্পদেৰে ঐশ্বর্যশালী ‘অসম’৷ কালৰ বুকুত ঘটি যোৱা বহু ঘটনা–পৰিঘটনাৰ নীৰৱ সাক্ষী ইয়াৰ ধূলিকণাৰ পৰা প্রতিখন স্রোতস্বিনী নদ–নদী, মঠ–মন্দিৰ আৰু মৃত্যুৰ ক্ষণ গণি থকা ইতিহাসৰ ভগ্ণাৱশেষবোৰলৈ৷ লোকবিশ্বাস–লোকপৰ প্রোথিত এই মাটিতে পূর্বপুৰুষে গঢি গৈছে ইতিহাসৰ সোপান৷ এই সোপানৰ আঁত ধৰি ঐতিহাসিক ছশ বছৰীয়া আহোম ৰাজশাসিত কাহিনীৰ বীৰগাথা ৰাজ্যৰ অৰঙে–দৰঙে সিঁচৰতি৷ ব্যাপী আছে ইতিহাসপ্রসিদ্ধ অজস্র সমল, পূর্বপুৰুষৰ বিষাদ চানেকি৷

ডিব্রুগড জিলাৰ নাহৰকটীয়া সমষ্টিত অৱস্থিত ছশ বছৰীয়া আহোম ৰাজত্বৰ বুনিয়াদ ভেটি ঐতিহাসিক ‘তিপাম’৷ তেতিয়া স্বাধীন আহোম ৰাষ্ট্রৰ পূবৰ দুৱাৰমুখ৷ তি– মানে ঠাই আৰু পাম– মানে ওখ বা বাম৷ অর্থাৎ তিপাম মানে ওখ ঠাই বা টিলা৷ তিপামৰ কাষেৰে নিজস্ব ছন্দ–লয়লাসেৰে নিৰৱচ্ছিন্ন বৈ আছে বুঢীদিহিং৷ সিপাৰৰ সেন্দূৰীয়া বেলিটিৰ বিয়লি আভা ছিটিকি পৰেবুঢিদিহিঙৰ পানীত৷ জলমলাই উঠে বুঢীদিহিং৷ দূৰৈত নদীখনৰ ওপৰত শুকুলা আঁচল৷ পূবত ৰাশি ৰাশি সেউজীয়া পাহাৰখণ্ড, পশ্চিমতবিস্তীর্ণ সোণোৱালী পথাৰভূমি৷ তিপামৰ সু–উচ্চ টিলাৰ পৰা বৃহত্তৰ সমতলভূমিলৈ চালে দেখা পোৱা যায় এনে এক বর্ণনাতীত নান্দনিক শোভা৷

সাতৰাজ মাৰি একৰাজ স্থাপন কৰা আহোম ৰাজ্যৰ প্রতিষ্ঠাপক চাওলুং চুকাফাই ১২২৮ খ্রীষ্টাব্দৰ ১৬ আঘোণ অর্থাৎ ২ ডিচেম্বৰত সৌমাৰখণ্ডত ভৰি দিছিল৷ এই দিনটো চুকাফা দিৱস অথবা অসম দিৱস হিচাপে উদ্যাপিত৷ চ্যকাফাই চীনৰ মুংৰিমুংৰাম প্রদেশ পাৰ হৈ বার্মাৰ পাংচুগিৰি পথেদি বর্তমান অসমৰ পূব প্রান্তৰ পাটকাই পাহাৰ (ডয় কাও ৰং– ডয় মানে পর্বত, কাও মানে ন, ৰং মানে লগ লগোৱা অর্থাৎ ন–শাৰী পর্বত লগ লগোৱা) বগাই মাকুমকিল্লা নামৰ ঠাইখনত নগাই সাজি দিয়া কাক’ বাঁহৰ ভূৰত উঠি বুঢীদিহিং নদীৰে ভটিয়াই অগাধ অৰণ্য অতিক্রমি তিপামত উঠিছিল৷ চুকাফাই আহোম সাম্রাজ্যৰ পাতনি মেলিছিল এই তিপামৰ পৰাই৷ তিপাম দেওশালী পাহাৰৰ সুউচ্চ চকমক টিলাত উঠি সমতল ভূমিৰ সোণোৱালী শস্যৰ অপৰূপ সৌন্দর্য দেখি আনন্দত আত্মহাৰা হৈ চুকাফাই স্বতঃস্ফূর্তভাৱে কৈ উঠিছিল– ‘মৌং–ডুন–ছুন–খাম’, অর্থাৎ সোণালী শস্যৰ দেশ৷ এই মৌং–ডুন–ছুন–খামেই কালক্রমত বৰ অসমৰ মর্যাদা লাভ কৰে৷ যুঁজাৰু আহোম জাতিৰ পূর্বপুৰুষে প্রথম খোজ তিপামত পেলাই পিছলৈ স্থানীয় ক্ষুদ্র ক্ষুদ্র জাতি–জনগোষ্ঠীক ছলে–বলে বশ্যতা স্বীকাৰ কৰাই অথবা সন্ধি স্থাপনেৰে আহোম সাম্রাজ্যৰ বিস্তাৰ কৰি ইতিহাসত ৰচি গ’ল একেৰাহে স্বাধীনভাৱে ছশটা বছৰ ৰাজত্ব কৰাৰ ৰাজভিলেখ৷ সেয়ে তিপামক আহোম ৰাষ্ট্রৰ ৰাজধানী বুলি কোৱা হয়৷ জনশ্রুতি অনুসৰি, এদিন সমাজিকত লাংকুৰি দেৱতাই চুকাফাক দেখা দি ক’লে, আহোম সাম্রাজ্য বিস্তাৰৰ পূর্বে তেওঁৰ অতি মৰমৰ বস্তু দেৱতালৈ উছর্গা কৰিব লাগে৷ চুকাফাই সপোনৰ কথা মতে তেওঁৰ অতি মৰমৰ বগা ঘোঁৰাটো লাংকুৰি দেৱতাৰ নামত উছর্গা কৰিছিল৷ ঘোঁৰা উছর্গা দিয়া ঠাইডোখৰেই বর্তমানতিপাম বজালনী গাঁওস্থিত ‘তিপাম বুঢাডাঙৰীয়া থান’ নামেৰে জনাজাত৷আজিও এই স্থানতে পূর্বপুৰুষক সুঁৱৰি বছৰেকত ‘ফুৰালুং’ আৰু ‘মেডাম–মেফি’ অনুষ্ঠিত কৰি আহিছে স্থানীয় ৰাইজে৷ তিপামৰ সু–উচ্চ চকমক টিলাত অৱস্থিত এখনি বনদেৱীৰ থান আৰু তাৰ দাঁতিতে নতুনকৈ অর্থাৎ যোৱা ৬ ছেপ্ঢেম্বৰত টাই আহোম যুৱ পৰিষদৰ সম্পূর্ণ নিজা উদ্যোগত উদ্বোধন কৰা হৈছে আহোমৰ উপাসনাস্থলী চাও–চ্যেং–ৰেণ৷ এই উপাসনাস্থলী নিতৌ চোৱাচিতা কৰি আহিছে স্থানীয় জ্যেষ্ঠ ব্যক্তি গোপী গগৈয়ে৷ চকমক টিলাতে আহোম সম্প্রদায়ৰ লোকে প্রত্যেক বছৰে বান–ফী প্রক্রিয়াৰে ‘পু’–ফী–চ্যু’ পূজা কৰি আহিছে৷ অর্থাৎ বনদেৱীৰ সন্তুষ্টিৰ অর্থে ধম্য় নীতি–নিয়মেৰে এহাল কুকুৰা আগবঢাই পূজা–পাতল কৰাৰ পৰম্পৰা বর্তমানে চলি আহিছে৷

পৌৰাণিক প্রাচুর্যৰে পৰিপূর্ণ এই তিপামক পর্যটন কেন্দ্রৰূপে গঢি তোলাৰ ক্ষেত্রত দুলীয়াজান, ভাদৈ, নামৰূপ, নাহৰকটীয়াৰ কেইবাগৰাকী সুহূদ ব্যক্তিৰ প্রচেষ্টাত ডিব্রুগড লোকসভা সমষ্টিৰ সাংসদ তথা বর্তমান কেন্দ্রীয় খাদ্য আৰু সংসাধনৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা আৰু নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱালৰ একান্ত সহযোগত গঠন হয় ‘চুকাফা পর্যটন প্রকল্প তিপাম’ সমিতি৷ ৰাজকীয় সমিতিখনৰ জৰিয়তে ২০১৭ চনতে দেওশালী পাহাৰৰ চকমক টিলাত আহোম সাম্রাজ্যৰ ঔপনিৱেশ গঢোঁতা চাওলুং চুকাফাৰ প্রতিমূর্তি স্থাপনৰ লগতে উপাসনা গৃহ চাও–চেং–ৰেণ নির্মাণ, এশ কোঠালিযুক্ত অতিথিশালা নির্মাণ, জয়পুৰ নগাঘাটৰ পৰা তিপাম পাহাৰলৈকে দিহিং নদীৰ ওপৰত ওলমা দলং নির্মাণ আদিকে ধৰি পর্যটকক আকর্ষণ কৰিব পৰাকৈ ইতিহাসসমৃদ্ধ অঞ্চলটো সংৰক্ষণ আৰু সংবর্ধনৰ কাৰণে অন্যান্য বহুকেইটা প্রস্তাৱ অসম চৰকাৰলৈ আগবঢোৱা হৈছিল যদিও সৰহসংখ্যক প্রস্তাৱ কার্যকৰী দিশতথমকি ৰৈছে অদ্যাপি৷ ইফালে, তিপাম সংযোগী বাট–পথৰ সমস্যায়ো দূৰণিবটীয়া পর্যটকক আশাহত কৰিছে৷ শেহতীয়াকৈ সমিতি (উপ–সমিতি)ৰ উদ্যোগত চৰকাৰী আনটাইড পুঁজিৰ ১০ লাখ টকা ব্যয়েৰে জয়পুৰ চাৰিআলিস্থিত তিপামমুখী চুকাফা তোৰণ আৰু জয়পুৰ উন্নয়ন খণ্ডৰ অন্তর্গত তিপাম ফাকিয়াল গাঁও পঞ্চায়তৰ অধীনতচতুর্দশ বিত্তীয় আয়োগৰ অনুমোদন মর্মে ২০ লাখ টকা ব্যয়সাপেক্ষে তিপাম সংৰক্ষিত এলেকাত খটখটি নির্মাণৰ কাম হাতত লৈ বর্তমান অগ্রগতি লাভ কৰিছে৷ মুঠ ১০৬৩টা খটখটি বগাই তিপাম দেওশালী পাহাৰৰ সুুউচ্চ চকমক টিলাত উঠি মনোৰম সৌন্দর্য উপভোগ কৰিব পাৰিব পর্যটকে৷

ডিব্রুগড চহৰৰ পৰা প্রায় ৬১ কিঃমিঃ দূৰত্বত থকা এই ঐতিহাসিক ঠাইখনলৈ দৈনিক সহস্রাধিক লোকৰ আগমন ঘটে৷ বন্ধ বাৰ অর্থাৎ দেওবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা প্রায় তিনি–চাৰি হাজাৰ লোকৰ সমাগম হয়৷ পর্যটকৰ গইনা লৈ তিপামৰ সমতলভূমিত ক্রমশঃ সৰু–সুৰা দোকান–ব্যৱসায়থলী গঢ লৈ উঠিবলৈ আৰম্ভ কৰিছে৷ প্রধানকৈ স্থানীয় অঞ্চলৰ কৃষিজীৱী লোকসকলে এই সম্ভাৱনাৰ ক্ষেত্রখনৰ পৰা অদূৰ ভৱিষ্যতে আর্থিকভাৱে লাভান্বিত হোৱাৰ বহু থল আছে৷ হোম ষ্টেৰ জৰিয়তে অর্থাৎ দেশী–বিদেশী পর্যটকক নিজৰ ঘৰতে সুন্দৰকৈ থলুৱা খাদ্যৰে আপ্যায়ন, থলুৱা কৃষ্টি–সংস্কৃতি প্রদর্শন আৰু পর্যটক থাকিব পৰাকৈ সু–ব্যৱস্থা কৰাৰ এটা ব্যৱসায়িক ভিত্তি গঢি তোলাৰ ক্ষেত্রতো চৰকাৰৰ সংশ্লিষ্ট বিভাগে যাৱতীয় সহযোগিতা আগবঢালে স্থানীয় নিবনুৱাসকলো যথেষ্ট উপকৃত হ’ব৷ চাক্ষুষ প্রমাণ যে ঠাইখনত যিমান সমাগম বৃদ্ধি হৈছে, সমান্তৰালভাৱে চৌপাশৰ চাফ–চিকুণতাৰ প্রতিও অতিথিসকল যেন উদাসীন৷ অঞ্চলটো আৱর্জনামুক্ত কৰি তোলাৰ সজাগতাৰে বিভিন্ন ফলক আঁৰি দিয়া হৈছে যদিও ইয়াৰ ব্যতিৰেকে অ’ত–ত’ত পৰি ৰৈছে খাদ্য বস্তুৰ পেলনীয়া সামগ্রী৷ এই আৱর্জনাবোৰে তিপাম সংৰক্ষিত এলেকাটোৰ প্রকৃতিপ্রদত্ত সৌন্দর্য বহুখিনি ম্লান কৰি তুলিছে৷ গতিকে অঞ্চলটোৰ স্বচ্ছতা আৰু ইয়াক প্রতিপালন কৰিবলৈ হ’লে পর্যটকৰ পৰা নূ্যনতম বৰঙণি এটা গ্রহণ কৰাটো উচিত৷ অৱশ্যে এতিয়াও চালুকীয়া অৱস্থাত থকা এই ঠাইখনৰ আন্তঃগাঁথনিৰ সবল দিশৰ ওপৰতপর্যাপ্ত পৰিমাণে দেশী–বিদেশী পর্যটকক আকর্ষণ কৰিব পৰা বহুখিনি বিষয় নির্ভৰ কৰিছে৷

পৰিতাপৰ বিষয় যে এই ‘তিপাম’ আৰু কাষৰীয়া ‘পাতালং গড’ (মান সৈন্যক ভেটিবলৈ বনোৱা গড)ৰ চাৰিওদিশে বণিক গোষ্ঠীৰ চাহ বাগিচাৰ আগ্রাসনে ইয়াৰ ইতিহাস ঢাকি পেলোৱাৰ উপক্রম ঘটিছে৷ প্রায় ১৮৭০ চনতে ব্রিটিছ উপনিৱেশিক শাসকে আহোম ৰাজত্বৰ অন্তকালত এই এৰা–পৰলীয়া অঞ্চলসমূহত চাহ বাগিচাৰ পাতনি মেলিছিল৷ পিছলৈ এই স্থানডোখৰ কোনো কাৰণত ব্রিটিছে এৰি দিয়াত বণিক গোষ্ঠীৰ লোলুপ দৃষ্টি পৰে৷ প্রায় এশ বছৰৰ পিছত হাবি–জংঘলেৰে আবৃত মৃত বাগিচাসমূহ চিকুণাই পুনৰ চাহ বাগিচা আৰম্ভ কৰা বুলি স্থানীয় বয়োজ্যেষ্ঠসকলে কৈ আহিছে৷ আহোম জাতিটোৰ হূদস্পন্দনত ক্রমাৎ বণিক গোষ্ঠীৰ এই আগ্রাসী আঁচোৰ নিশ্চিতভাৱে শুভ ফলদায়ক নহ’ব৷

সেয়েহে সময় থাকোঁতেই আহোম সাম্রাজ্যৰ ৰাজধানী তিপামক সংৰক্ষণ আৰু সংবর্ধনৰ স্থায়ী চিন্তাচর্চাৰে চৰকাৰে সু–দৃষ্টি দিলে ছশ বছৰীয়া জাতিটোৰ ক্ষয় যোৱা ইতিহাস নিশ্চিহ্ণ হোৱাৰ পৰা উদ্ধাৰ পাব৷ লগতে ৰাজ্যৰ পর্যটন শিল্পৰ ক্ষেত্রত অন্যতম সমৃদ্ধিশালী অঞ্চলৰূপে সমাদৃত হ’ব ‘তিপাম’৷ তদ্রূপ সবল হৈ উঠিব গ্রাম্য অর্থনীতিৰ ভেটি আৰু নিবনুৱা সমস্যাও সমাধান হ’ব৷

(অসম দিৱস বা চ্যুকাফা দিৱস উপলক্ষ্যে সাংবাদিক কৃষ্ণা গগৈৰ প্ৰতিবেদন)

You might also like