নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডে ২০২১ত দুর্ভিক্ষত পেলাব ২৩ কোটি ৫০ লাখ লোকক

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ক’ভিড–১৯ মহামাৰীয়ে আগন্তুক বর্ষটোত চলিত বছৰটোৰ তুলনাত অধিক সংখ্যক লোকক দুর্ভিক্ষৰ সন্মুখীন কৰাব৷ শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ অফিচ ফৰ দ্য ক’অর্ডিনেচন অৱ হিউমেনিটেৰিয়ান এফেয়ার্ছ (অ’চিএইছএ)ৰ তৰফৰ পৰা সতর্কবাণী কৰা হৈছে যে ক’ভিড ভেকচিন প্রস্তুতৰ আশা সজীৱ হৈ পৰিছে যদিও ভয়াৱহ মানৱীয় সংকটৰ সন্মুখীন হ’ব চলিত বর্ষতকৈ অধিকসংখ্যক লোক৷

অ’ চি এইচ এৰ পৰা চলোৱা সমীক্ষা অনুসৰি ২০২১ বর্ষত ২৩ কোটি ৫০ লাখ লোকক বিভিন্ন সাহায্য প্রদান কৰিব লাগিব৷ অর্থাৎ প্রথমবাৰলৈ বিশ্বত মহামাৰীৰ বাবেই ভয়াৱহ সংকটৰ সন্মুখীন হ’ব গৰিষ্ঠসংখ্যক লোক৷ এই লোকসকলৰ ১৬ কোটিক বিভিন্ন সাহায্য প্রদানৰ বাবে প্রয়োজন হ’ব ৩ হাজাৰ ৫০০ কোটি ডলাৰ৷

লক্ষণীয়ভাৱে আন্তর্জাতিক মানৱীয় সাহায্যৰ বাবে দাতব্য সংস্থাসমূহে আগবঢ়োৱা ধনতকৈ দুগুণ বেছি প্রয়োজন হ’ব আগন্তুক বর্ষটোত৷ ক’ভিড সংকটৰ বাবেই আগন্তুক বর্ষত ভয়াৱহ দুর্ভিক্ষৰ সন্মুখীন হোৱা লোকৰ সংখ্যাও অভাৱনীয়ভাৱে বৃদ্ধি পাব৷

ইফালে, ২০২১ত দুর্ভিক্ষৰ বাবে মানুহৰ গড় আয়ুস হ্রাস পাব বুলি অ’ চি এইচ এৰ সমীক্ষাত সদৰী কৰা হৈছে৷ এইচ আই ভি, যক্ষ্মা, মেলেৰিয়া আদিত চলিত বর্ষতকৈ দুগুণ লোকৰ বেছি মৃত্যু হ’ব ২০২১ত৷

You might also like