এছিয়া কাপত পাকিস্তানৰ সন্মুখত ৩৫৭ ৰানৰ লক্ষ্য ভাৰতৰ
বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰঃ কোহলি-ৰাহুলৰ শতকেৰে আজি এছিয়া কাপৰ ছুপা-৪ৰ এখন মেচত ভাৰতৰ বিশাল ৰান সংগ্ৰহ। আজি কলম্বো অনুষ্ঠিত ছুপাৰ-৪ৰ এখন মেচত বিৰাট কোহলি আৰু কে এল ৰাহুলে শতকীয় ইনিংছ খেলে। কোহলিয়ে ১২২ ৰান আৰু ৰাহুলে ১১১ ৰানৰ ইনিংছ খেলে। ইয়াৰ পূৰ্বে বৰ্ষাবিঘ্নিত কালিৰ মেচৰ আজি ৰিজাৰ্ভ ডেত অনুষ্ঠিত মেচখনত অব্যাহত থাকিল ভাৰতৰ বেটিং বিক্ৰম। মেচখন পাকিস্তানক জয়ৰ বাবে ৩৫৭ ৰানৰ লক্ষ্য বান্ধি দিলে ভাৰতে। উল্লেখ্য যো কালি টছত জিকি ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ কৰা বাবৰ বাহিনীক অপেনাৰ ৰোহিত আৰু গিলে ধৰাশায়ী কৰিছিল। ৰোহিতে ৫৬ আৰু গিলে ৫৮ ৰান সংগ্ৰহ কৰিছিল। কালি ১৪৬ ৰানত বৰষুণত অহাৰ পিছত আজি ৰিজাৰ্ভ ডেত খেলখন আজি খেলোৱা হয়।