✅লাচিতৰ নামত তেজপুৰ বিশ্ববিদ্যলয়ত প্ৰতিৰক্ষা অধ্যয়ন কেন্দ্ৰ স্থাপনৰ সংকেত
✅১৩৩৫গৰাকীক বিভিন্ন ডিগ্ৰী-ডিপ্লোমা প্ৰদান
বাৰ্তা ব্যুৰ’, তেজপুৰ, ৩১ ডিচেম্বৰ : পিতৃ-মাতৃ আৰু শিক্ষাগুৰুক কেতিয়াও অসন্মান বা মূল্যায়ন কৰা উচিত নহয় ৷ তেওঁলোকক কেতিয়াও অৱজ্ঞা কৰিব নালাগে৷ কিয়নো সন্তান আৰু শিক্ষাৰ্থীসকলৰ বাবে তেওঁলোক ভগৱানস্বৰূপ ৷ চৰিত্ৰ গঠনত গুৰুত্ব দি আগন্তুক দিনত সামাজিক দায়িত্বক উচ্চতম কৰ্তব্য হিচাপে গণ্য কৰি শিক্ষাৰ্থীসকলে সেৱা আগবঢ়াওক- আজি তেজপুৰ বিশ্ববিদ্যালয় একবিংশতিতম সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শিক্ষাৰ্থীসকলৰ কৰ্তব্য আৰু দায়িত্ব সম্পৰ্কত এইদৰে মন্তব্য কৰে ৷ উল্লেখ্য যে শৈক্ষিক উৎকৰ্ষ সাধেনেৰে দেশ-বিদেশত সুনাম অব্যাহত ৰখা তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় বিদ্যালয় চৌহদত আজি বিয়লি অনুষ্ঠিত হয় উচ্চ শিক্ষানুষ্ঠানখনৰ সমাৱৰ্তন অনুষ্ঠান ৷ ৰাষ্ট্ৰীয় সংগীত আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকা ৰচিত বিশ্ববিদ্যালয়ৰ সংগীত “অগ্নি যুগৰ স্থাপত্য, কলীয়াভোমোৰা সেতু নিৰ্মাণ / জ্ঞান জ্যোতিৰ্ময় / সেহি স্থানতে বিৰজিছে তেজপুৰ বিশ্ববিদ্যালয় ” শীৰ্ষক গীত পৰিৱেশনৰে শুভাৰম্ভ হোৱা সমাৱৰ্তন অনুষ্ঠানটি পৌৰোহিত্য কৰে উপাচাৰ্য প্ৰফেছৰ শম্ভু নাথ সিঙে ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেন দাসে আঁত ধৰা সমাৱৰ্তনৰ মূল অনুষ্ঠানৰ বিশেষ অতিথি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত মুখ্য অতিথি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আগবঢ়োৱা দীঘলীয়া ভাষণত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ ভাষণৰ আৰম্ভণিতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নিৰাপত্তা বাহিনী আৰু বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা সন্ত্ৰাসবাদী সংগঠন অল-কায়দাৰ উদাহৰণ দাঙি ধৰি কৰি কয় যে দুয়োটা পক্ষত একাংশ মেধাসম্পন্ন উদ্যমী লোক থাকে ৷ নিৰাপত্তা বাহিনীয়ে সমাজক সুৰক্ষা প্ৰদানত জড়িত থকাৰ বিপৰীতে অল-কায়দাৰ দৰে সংগঠনে সমাজক ক্ষতি কৰা কাম কৰে ৷ সেয়ে চৰিত্ৰ গঠনত গুৰুত্ব আৰোপ কৰা উচিত ৷ প্ৰমূল্যবোধৰ বিষয়ে উল্লেখ কৰি প্ৰসংগক্ৰমে তেওঁ মহাপুৰুষ শংকৰদেৱ, জাতীয়বীৰ লাচিত বৰফুকন, স্বামী বিবেকানন্দ, মুক্তিযুজাৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাক স্মৰণ কৰে ৷ শিক্ষকতকৈ শিক্ষাৰ্থীসকলৰ মাজত নতুনত্বৰ প্ৰয়োজন বুলি কৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাৰ্থীসকলৰ মাজত নতুন চিন্তা, উদ্ভাৱনী শক্তি থাকে, যাৰ জৰিয়তে নতুন ভাৰত নিৰ্মাণৰ আধাৰ হ’ব পাৰে ৷ ইতিহাস বৃহৎ বৃহৎ কিতাপত নাথাকে , আমাৰ ৰক্তত থাকে বুলি মন্তব্য কৰি তেওঁ কয় যে এয়া নতুন ভাৰত হয় ৷ দেশৰ স্বৰ্ণিল ইতিহাস আৰু হেৰুৱা গৌৰৱ পুনৰ ঘূৰাই অনাৰ প্ৰয়াস কৰা হৈছে ৷ একবিংশ শতিকা ভাৰতৰ শতিকা ৷ সংকটক প্ৰত্যাহ্বান হিচাপে লোৱা হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মন্ত্ৰী ৰাজনাথ সিঙে প্ৰসংগক্ৰমে দেশৰ সৰ্বাংগীণ বিকাশেৰে উন্নতিৰ শীৰ্ষস্থান প্ৰাপ্তিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিনে-নিশাই কঠোৰ পৰিশ্ৰম অব্যহত ৰখাৰ কথা উল্লেখ কৰে ৷ মোদী চৰকাৰৰ কাৰ্যকালত সামৰিক অস্ত্ৰ-শস্ত্ৰ দেশতেই নিৰ্মাণ আৰম্ভ হোৱা আৰু ৰপ্তানি কৰা, প্ৰতিৰক্ষা বিভাগৰ লগতে বিভিন্ন শিক্ষা, স্বাস্থ্য আদি বিভিন্ন বিভাগৰ আন্তঃগাঁথনিৰ উন্নয়ন, মহিলা সবলীকৰণ আদিৰ বিষয়ে সংক্ষেপে সদৰী কৰি তেওঁ দেশৰ অৰ্থনীতি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ দেশৰ অৰ্থনৈতিক বিকাশ দ্ৰুতগতিত আগ বাঢ়িছে বুলি মন্ত্ৰী সিঙে মন্তব্য কৰাৰ লগতে ২০২৬-২৭ত ভাৰতে বিশ্ব অৰ্থনীতিত তৃতীয় শীৰ্ষ স্থান আৰু ২০৪৭ চনৰ পূৰ্বে প্ৰথম স্থান দখল কৰিব বুলি দাবী কৰি মোদী চৰকাৰৰ এলানি কামকাজৰ বিষয়ে উল্লেখ কৰে ৷ তেওঁ আৰু কয়- সাংস্কৃতিক পৰিচয় বাদ দি উন্নয়নৰ কামকাজ অৰ্থহীন ৷ ভাৰতৰ সংস্কৃতিৰ প্ৰতি আক্ৰমণ চলি আছে ৷ সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ স’তে দেশৰ সংস্কৃতি, সুৰক্ষা, পৰিচয় আদিৰ দৰে বিষয় সন্নিৱিষ্ট হৈ আছে ৷ সীমান্তত জোৱানে দেশৰ ভূমি সুৰক্ষাত নিয়োজিত হৈ থকাৰ দৰে আমাকো সংস্কৃতিয়ে সুৰক্ষা প্ৰদান কৰে বুলি কৈ তেওঁ ভাৰতৰ সাংস্কৃতিক পৰিচয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ শিক্ষাৰ্থীসকলক উদ্দেশ্যি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা শিক্ষা-দীক্ষা আৰু সংস্কাৰক সমল হিচাপে লৈ বহল মনেৰে আগবাঢ়ি যাবলৈ আহ্বান জনাই পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলক অসন্মান নকৰি চিৰকৃতজ্ঞ হ’বলৈ আহ্বান জনায়৷ অন্যথা সমাজে ক্ষমা কৰিলেও পৰমাত্মাই ক্ষমা নকৰিব বুলিও তেওঁ সকীয়াই দিয়াৰ লগতে শিক্ষাৰ্থীককলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে ৷ তেজপুৰ বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশৰ পিচত প্ৰত্যক্ষ কৰা পৰিৱেশে মন আৰু হৃদয়ত এক আধ্যাত্মিক অনুকম্পনৰ সৃষ্টি কৰা বুলিও নিজৰ অনুভৱ ব্যক্তি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেজপুৰ বিশ্ববিদ্যালয়ে উপাচাৰ্য্য প্ৰফেছৰ শম্ভু নাথ সিঙৰ নেতৃত্বত অধিক সফলতা অৰ্জন কৰিব বুলি আশা ব্যক্ত কৰে৷ প্ৰণিধানযোগ্য যে আজিৰ সমাৱৰ্তন অনুষ্ঠানত উপাচাৰ্যগৰাকীয়ে আগবঢ়োৱা আদৰণী ভাষণত প্ৰসংগক্ৰমে বিশ্ববিদ্যালয়খনত জাতীয় বীৰ লাচিত বৰফুকনৰ নামত প্ৰতিৰক্ষা বিভাগ বিষয়ত এক অধ্যয়ন কেন্দ্ৰ স্থাপনৰ বাবে জনোৱা আহবান সম্পৰ্কত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সেউজ সংকেত দি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উক্ত অধ্যয়ন কেন্দ্ৰৰ বাবে প্ৰস্তাৱ আগবঢ়াবলৈ আহ্বান জনাই ইয়াৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা বুলি ঘোষণা কৰে ৷ উল্লেখ্য যে আজি এই সমাৱৰ্তন সমাৰোহত বিশ্ববিদ্যালয়ৰ পৰা সফলতাৰে শিক্ষা সাং কৰা শিক্ষাৰ্থীসকলক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষানুষ্ঠানৰ তৰফৰ পৰা বিভিন্ন ডিগ্ৰী-ডিপ্লোমা আদি প্ৰদান কৰে ৷ প্ৰকাশ যে এইবেলি তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ৭৮৫গৰাকীক স্নাতকোত্তৰ (পি জি) ডিগ্রী, ৪৩২গৰাকীক স্নাতক (বিটেক, বিএছচি, বিএ, বিএড আৰু বিকম) ডিগ্রী, ৫গৰাকীক পি জি ডিপ্লোমা, বিভিন্ন বিষয়ত ১১০গৰাকীক পি এইচ ডি ডিগ্রী, অনলাইনৰ জৰিয়তে দূৰত্ব আৰু মুক্ত শিক্ষা মাধ্যমৰে শিক্ষান্ত কৰা ২৩গৰাকীকে ধৰি মুঠ ১৩৩৫গৰাকী শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী আৰু ডিপ্লোমা আৰু ডিপ্লোমা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ৷ উল্লেখ্য যে এই শিক্ষাৰ্থীসকলৰ মাজৰ ৪৬গৰাকী সোণৰ পদক প্ৰদান কৰাৰ লগতে ৰসায়ন বিভাগৰ সংহত এমএছচি প্ৰগ্ৰামৰ বাবে টি এণ্ড আই শ্ৰেষ্ঠ স্নাতকোত্তৰ বটাঁ-২০২৩ কৌস্তৱমণি বৰা আৰু শ্ৰেষ্ঠ স্নাতক অৰ্জুন ৰয়ক স্প্ৰীং ভেলী এৱাৰ্ড ২০২৩ বঁটাৰে সন্মানিত কৰা হয় ৷ আনহাতে সমাৱৰ্তনৰ আৰম্ভণিতে উপাচাৰ্য প্ৰফেছৰ শম্ভু নাথ সিঙে আগবঢ়োৱা আদৰণী ভাষণত এয়া এক গৌৰৱ মূহূৰ্ত বুলি কৈ মুখ্য অতিথি মন্ত্ৰী ৰাজনাথ সিং, বিশেষ অতিথি ডাঃ ৰণোজ পেগুৰ লগতে শিক্ষাৰ্থীসহ অভিভাৱক আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনোৱাৰ লগতে বিশ্ববিদ্যালয়খনে শৈক্ষিক বিকাশ সাধনৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ-প্ৰয়াস আৰু অগগ্ৰতি সম্পৰ্কত সংক্ষেপে আলোকপাত কৰে ৷
প্ৰেৰক পুলক কুমাৰ ডেকা