এছিয়ান গেমছৰ হকীত স্বৰ্ণ লাভ ভাৰতৰ
বিশেষ বাৰ্তা, ৬ অক্টোবৰঃ এছিয়ান গেমছ-২০২৩ত ভাৰতীয় হকী দলে সোণৰ পদক দখল কৰিছে। ফাইনেলত যোৱাবাৰৰ এছিয়া চেম্পিয়ন জাপানক ৫-১ গ’লত পৰাস্ত কৰে টীম ইণ্ডিয়াই। ইয়াৰ পূৰ্বে পুল ৰাউণ্ডতো ভাৰত আৰু জাপানৰ মাজত মুখামুখি হৈছিল, য’ত ভাৰতে ৪-২ গ’লত জয়লাভ কৰিছিল। চূড়ান্ত খেলখনত ভাৰতে অতি ভাল খেল প্ৰদৰ্শন কৰে। ভাৰতৰ সন্মুখত বিৰোধী দল জাপানে মাত্ৰ এটা গ’লহে কৰিবলৈ সক্ষম হয়। এই সোণৰ পদক লাভ কৰি ভাৰতীয় হকী দলটোৱে ২০২৪ চনত পেৰিছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছৰ বাবেও যোগ্যতা অৰ্জন কৰিছে। প্ৰথম কোৱাৰ্টাৰত দুয়োটা দলে গ’ল দিব পৰা নাছিল। তাৰ পাছত দ্বিতীয় কোৱাৰ্টাৰত খেলখনৰ ২৫ মিনিটত খেলখনৰ প্ৰথমটো গ’ল ভাৰতে দিয়ে। মনদ্বীপ সিঙে এই গ’লটো দি ভাৰতক ১-০ গ’লত অগ্ৰগতি প্ৰদান কৰে। এইদৰে খেলখনৰ হাফ টাইমত ভাৰতীয় দলটোৱে অগ্ৰগতি লাভ কৰে। তাৰ পাছত তৃতীয় কোৱাৰ্টাৰত খেলখনৰ ৩২ মিনিটত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত সিঙে দ্বিতীয়টো গ’ল দি ভাৰতে ২-০ গ’লত অগ্ৰগতি লাভ কৰে। তৃতীয় কোৱাৰ্টাৰ শেষ হোৱাৰ পূর্বে ভাৰতৰ হৈ তৃতীয়টো গ’ল দিয়ে অমিত ৰোহিদাসে৷ এইদৰে ভাৰতে তৃতীয় কোৱাৰ্টাৰলৈকে ৩-০ গ’লত অগ্ৰগতি লাভ কৰি নিজৰ জয় প্ৰায় নিশ্চিত কৰিছিল। চতুৰ্থ কোৱাৰ্টাৰ আৰম্ভ হোৱাৰ মাত্ৰ তিনি মিনিট পিছত অৰ্থাৎ ৪৮ মিনিটত অভিষেকে ভাৰতৰ হৈ চতুৰ্থটো গ’ল দিয়ে। এই গ’লটোৰে ভাৰতে ৪-০ গ’লত অগ্ৰগতি লাভ কৰে। মাত্ৰ তিনি মিনিট পিছত অৰ্থাৎ ৫১ মিনিটত জাপানে গলটো দিয়ে। তাৰ পাছত খেলখন শেষ হোৱাৰ ১ মিনিট আগতে ভাৰতে পঞ্চমটো গ’ল দিয়ে। ৫৯ মিনিটত দলটোৰ হৈ অধিনায়ক হৰমনপ্ৰীত সিঙে পঞ্চমটো গ’ল দি জাপানৰ বিৰুদ্ধে ভাৰতক ৫-১ গ’লত জয়লাভ কৰে।