বিশেষ বাৰ্তা, ৬ অক্টোবৰঃ ৰাজ্যত হাত দঙা পৰ্ব অব্যাহত থকাৰ সময়তে আজি দ্বিতীয়টো ঘটনা সংঘটিত হয় গহপুৰত। আজি গহপুৰত ভিজিলেঞ্চ এণ্ড এন্টী কৰাপচনে অভিযান চলাইছিল। অভিযানত গহপুৰৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসক গ্ৰেপ্তাৰ কৰে ভিজিলেঞ্চে। শিক্ষক বদলিৰ বাবে জৰিগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক কিৰণ পেগুৰ পৰা ৬,০০০ টকা ঘোচ লোৱাৰ সময়তে ভিজিলেঞ্চে হাতে-লোটে ধৰে শিক্ষা বিষয়াজনক ।
Prev Post