ভাৰতীয় মূলৰ আমেৰিকাবাসী গায়িকা জেচমিনক হত্য়াৰ ভাবুকি
বিশেষ বাৰ্তা, ৮ অক্টোবৰঃ : আমেৰিকাত বাস কৰা ভাৰতীয় মূলৰ আন্তঃৰাষ্ট্ৰীয় পাঞ্জাবী গায়িকা জেচমিন চেণ্ডলাছে মৃত্যুৰ ভাবুকি লাভ কৰিছে। দিল্লী বিমানবন্দৰ পোৱাৰ লগে লগে তেওঁক বিদেশী নম্বৰৰ পৰা মৃত্যুৰ ভাবুকি দিয়া হয়। কালি দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত তেওঁৰ লাইভ কনচাৰ্ট আছিল। গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছে লেডী গায়িকা জেচমিন চেণ্ডলাছে। তেওঁক দিল্লী আৰক্ষীয়ে নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। গায়িকা জেচমিন চেণ্ডলাছ থকা পাঁচ তাৰকাযুক্ত হোটেলখনত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও সকলো চোৰাংচোৱা সংস্থাকো সতৰ্ক কৰি দিয়া হৈছে। পাঞ্জাবী গায়িকা জেচমিন চেণ্ডলাছৰ ইনষ্টাগ্ৰামত বিপুল ফেন ফ’ল’ৱাৰ। ২৯ লাখ লোকে তেওঁক ইনষ্টাগ্ৰামত ফ’ল’ কৰে আৰু তেওঁৰ পোষ্টবোৰে লাখ লাখ লাইক লাভ কৰে। বিভিন্ন ৰাজ্যত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ বিৰুদ্ধে কেইবা ডজন গোচৰ ৰুজু হৈছে। শেহতীয়াকৈ এই গেংষ্টাৰগৰাকীয়ে কৈছিল যে তেওঁ অভিনেতা ছলমান খানক হত্যা কৰাত তিনিবাৰকৈ ব্যৰ্থ হৈছে। যোৱা মাহত কানাডাত হত্যা কৰা হৈছিল দবিন্দৰ বাম্বিহা গেঙৰ সুখদুল সিং ওৰফে সুখা দুনিকেক। এই হত্যাকাণ্ডৰ দায়িত্ব লৈছিল লৰেন্স বিষ্ণযই গেঙে। এই ঘটনাৰ দায়িত্ব লৈছিল লৰেন্স বিষ্ণয় গেঙৰ সদস্য গোল্ডি ব্ৰাৰে। সুখা দুনিকৰ হত্যাৰ দায়িত্ব লৈ লৰেন্স বিষ্ণোই চক্ৰটোৱে ফেচবুকত প্ৰকাশ কৰিছিল যে দুনিকে গেংষ্টাৰ গুৰলাল ব্ৰাৰ আৰু ভিকি মিদ্দুখেডাৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল।