টকিঅ’ত লাভলীনাৰ জয়ঃ কোৱার্টাৰ ফাইনেলত প্ৰৱেশ অসম কন্যাৰ
নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ ৰাজ্যবাসীৰ চৰম উৎকণ্ঠা আৰু অপেক্ষাৰ অন্ত পেলাই আজি টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামিল অসম কন্যা লাভলীনা বৰগোহাঁই৷ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অসমৰ প্রথমগৰাকী মহিলা ক্রীড়াবিদ লাভলীনাই মঙলবাৰে পুৱা ১০.৫৭ বজাত ৬৯ কেজি ওজন শাখাৰ প্রি–কোৱার্টাৰ ফাইনেলত জার্মানীৰ শক্তিশালী প্রতিদ্বন্দ্বী নাডিন এপেজক পৰাস্ত কৰি লাভলীনাই প্ৰৱেশ কৰিছে কোৱার্টাৰ ফাইনেলত৷
মন কৰিবলগীয়া যে প্রথম ৰাউণ্ডত ‘বাই’ লাভ কৰি প্রি–কোৱার্টাৰ ফাইনেললৈ উন্নীত হোৱা অসমৰ দৃঢ়মনা বক্সাৰগৰাকীয়ে দুখন মেচত জয়ী হ’ব পাৰিলেই টকিঅ’ অলিম্পিকত পদক অর্জনেৰে ইতিহাস ৰচিবলৈ সক্ষম হ’ব৷ অলিম্পিকত পদক জয়ৰ অযুত সপোন বুকুত বান্ধি ৰিঙত নমা লাভলীনাই কোৱার্টাৰৰ ফাইনেলৰ ডেওনা অতিক্রম কৰিব পাৰিলেই ৰাজ্যবাসীৰ দীর্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিব৷
কিয়নো বক্সিং খেলৰ ছেমিফাইনেলত প্রৱেশ কৰা খেলুৱৈয়ে অতি কমেও ব্রঞ্জৰ পদক লাভ কৰাটো নিশ্চিত হয়৷ গোলাঘাটৰ জীয়ৰী লাভলীনাই এই অসম্ভৱক সম্ভৱ কৰি তুলিলে তেওঁ হ’ব অলিম্পিকত পদক জয় কৰা অসমৰ প্রথমগৰাকী খেলুৱৈ৷ ইয়াৰ পূর্বে অসমৰ প্রখ্যাত ফুটবলাৰ টি আও, বেডমিণ্টন খেলুৱৈ দীপাংকৰ ভট্টাচার্য, আর্চাৰ জয়ন্ত তালুকদাৰ আৰু বক্সাৰ শিৱ থাপাই অলিম্পিকত দেশক প্রতিনিধিত্ব কৰি ৰাজ্যৰ গৌৰৱ বৃদ্ধি কৰিছে যদিও পদক অর্জনেৰে অসমৰ ক্রীড়া ইতিহাসক ধন্য কৰিব পৰা নাই৷ ৰাজ্যবাসীৰ এই দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই টকিঅ’ৰ পৰা লাভলীনাই অসমলৈ অলিম্পিকৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি আশাৰে বাট চাইছে প্রতিগৰাকী অসমীয়াই৷
উল্লেখ্য যে ২০১২ত গোলাঘাট ছাই কেন্দ্রত বক্সিঙৰ আদিপাঠ গ্রহণ কৰা লাভলীনাই ২০১৭ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক জয়েৰে প্রথমবাৰলৈ ৰাষ্ট্রীয় পর্যায়ত পৰিচয় লাভ কৰিছিল৷ ইয়াৰ পাছত ২০১৮ আৰু ২০১৯ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক জয়েৰে দেশ তথা ৰাজ্যলৈ বিৰল গৌৰৱ কঢ়িয়াই আনিছিল৷ ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী ক্রীড়া মঞ্চত কেইবাবাৰো অসমৰ গৌৰৱ ধ্বজা উৰুওৱা প্রতিভাৱান বক্সাৰগৰাকীয়ে এইবাৰ টকিঅ’ অলিম্পিকত সফলতাৰ শিখৰ স্পর্শ কৰিব বুলি আশাবাদী ৰাজ্যবাসী৷