নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’লা মানুহ উৰাবাতৰি বিয়পোৱা ৫জনক গ্রেপ্তাৰ

অভয়াপুৰীত নিৰীহ মূকবধিৰক আক্রমণ উন্মত্তৰ অসামাজিক লোকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

অভয়াপুৰী থানাৰ অন্তর্গত বৰঘোলা আৰক্ষী চকীৰ অন্তর্গত ডঁৰকিনামাৰীত যোৱানিশা ক’লা মানুহৰ সন্দেহত এজন মূকবধিৰ লোকক একাংশ যুৱকে নির্মম প্রহাৰ কৰে৷ প্রাপ্ত বাতৰি মতে, কালি সন্ধিয়াৰ পিছতেই ক’ৰবাৰ পৰা আহি ডঁৰকিনামাৰীত উপস্থিত হোৱা লোকজনক দেখি সন্দেহবশতঃ একাংশ লোকে লোকজনক সোধা–পোছা কৰে৷মূকবধিৰ লোকজনে ৰাইজৰ প্রশ্ণৰ উত্তৰ দিব নোৱাৰাত ‘কলা মানুহ’ৰ আতংকৰ মাজত থকা একাংশ লোকে লোকজনৰ লাম–লাকুট পৰীক্ষা কৰি কাপোৰ–কানিৰ লগতে এখন ব্লেড, চুৰি আৰু কাচি প্রত্যক্ষ কৰে৷ সামগ্রীখিনি প্রত্যক্ষ কৰাৰ পিছতেই একাংশ যুৱক উত্তেজিত হৈ পৰে আৰু মূকবধিৰ লোকজনক আবদ্ধ কৰি নির্মমভাৱে প্রহাৰ কৰিবলৈ ধৰে৷ ঘটনাৰ খবৰ পোৱাৰ পিছতেই বৰঘোলা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উন্মুক্ত ৰাইজৰ হাতৰ পৰা লোকজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে অভয়াপুৰী সামূহিক স্বাস্থ্য কেন্দ্রলৈ প্রেৰণ কৰে৷

ঘটনাৰ পিছতেই উত্তৰ শালমাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া নিতুমণি দাস ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সৈতে জডিত থকাৰ অভিযোগত এজন কিশোৰ সহঃ পাঁচজন যুৱকক আটক কৰি অভয়াপুৰী থানালৈ আনে৷ আটকাধীন যুৱককেইজন চক্রশিলাৰ নিকুঞ্জ ৰায় (২৯), হিতেশ্বৰ আর্য (ডঁৰিকনামাৰী, ২৪), বিশ্বনাথ আর্য (ডঁৰিকনামাৰী, ২৫), কিশোৰ ৰায় (বৃদ্ধবাশী, ২৮) আৰু ডঁৰিকনামাৰীৰ এজন কিশোৰ বুলি জানিব পৰা গৈছে৷ এইসকলে সামাজিক মাধ্যম যোগে ব্লেক মেন সম্পর্কে উৰাবাতৰি বিয়পোৱাৰো অভিযোগ উঠিছে৷ ঘটনাৰ সৈতে জড়িত আনসকলক চিনাক্ত কৰি আটক কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

উল্লেখ্য যেবঙাইগাঁও জিলাৰ বিভিন্ন স্থানত ব্লেকমেন সম্পর্কীয় উৰাবাতৰিয়ে ৰাইজক বিভ্রান্তিত পেলাইছে৷ বহু স্থানত ৰাইজে নিশাৰ ভাগত নিজাববীয়াকৈ পহৰা দিয়াৰ ব্যৱস্থা কৰা দেখা গৈছে৷ সামাজিক মাধ্যমযোগে বায়পি পৰা এনে উৰাবাতৰি বিশ্বাস নকৰি শান্তি–সম্প্রীতি অটুট ৰাখিবলৈ প্রশাসনে অনুৰোধ জনালেও একাংশ লোক আশ্বস্ত হ’ব পৰা নাই৷ প্রশাসনে আনকি ব্লেকমেনৰ আতংকৰ পৰা যাতে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে এটা হেল্প লাইন নম্বৰ আৰু এটা হোৱাটছএপ নম্বৰ মুকলি কৰি ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে৷

You might also like