ভাৰতীয় সংস্কৃতিৰ ওপৰত ১৫০ ঘণ্টীয়া বত্তৃণতামালাৰ সামৰণি
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ ভাৰতীয় বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক ইতিহাসত এক বিৰল কৃতিত্বৰ অধিকাৰী হ’ল বিশিষ্ট লেখক, অনুবাদক, সাহিত্য অকাডেমি বঁটাপ্রাপক সুবক্তা দিগন্ত বিশ্ব শর্মা৷ শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ উদ্যোগত ঋষি অৰবিন্দৰ দৃষ্টিৰে ভাৰতীয় সংস্কৃতিৰ ওপৰত ডেৰশ ঘণ্টীয়া বত্তৃণতালানি প্রদান কৰি শৈক্ষিক ইতিহাসতে এই মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে বিশিষ্ট অনুবাদকগৰাকীয়ে৷ এবছৰজোৰা এই বত্তৃণতামালাৰ অন্তিমটো অর্থাৎ ১০০সংখ্যক বত্তৃণতা ২৫ ডিচেম্বৰত প্রদান কৰে সুবক্তা দিগন্ত বিশ্ব শর্মাই৷ ভাৰতীয় সংস্কৃতিৰ গভীৰতৰ ধাৰণা আৰু আদর্শৰাজি জানিবলৈ তথা হূদয়ংগম কৰিবলৈ যিসকলৰ অন্তৰত মহৎ তথা সমুচ্চ অভীপ্সা আছে, সেই লোকসকলৰ অংশগ্রহণেৰে অনলাইন মাধ্যমৰ জৰিয়তে এই বত্তৃণতামালা অনুষ্ঠিত হৈছিল৷ বিগত বর্ষৰ ৫ ডিচেম্বৰত এই বত্তৃণতামালাৰ আৰম্ভ হৈছিল৷ তেতিয়াৰ পৰা প্রতিটো সপ্তাহত দুদিনকৈ ভাৰতীয় সংস্কৃতিৰ ওপৰত অনলাইন মাধ্যমেৰে তেওঁ এই বত্তৃণতা প্রদান কৰি আহিছে৷ অসম বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ষ্টাডী অন হিউমেন ডেভেলপমেণ্ট (চি এছ এইচ ডি)ৰ উদ্যোগত আয়োজন কৰা এই বত্তৃণতামালাৰ আছে কেইবাটাও বিশেষত্ব৷ পূর্বে কোনো বিশ্ববিদ্যালয়ে এনেদৰে এটা বিষয়ৰ ওপৰত ডেৰশ ঘণ্টীয়া বত্তৃণতামালা আয়োজন কৰাৰ নজিৰ নাই৷ তদুপৰি কোনো কোনো বিশ্ববিদ্যালয়ে একেটা বিষয়ৰ ওপৰত ২০–২৫টা বত্তৃণতামালা আয়োজন কৰিছে যদিও এজন ব্যক্তিয়েই আটাইবোৰ বত্তৃণতা প্রদান কৰাৰ সুযোগো লাভ কৰা নাই৷ ২০০ বছৰীয়া ভাৰতীয় বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক ইতিহাসত এয়াই হয়তো প্রথমবাৰৰ বাবে এজন ব্যক্তিয়ে এটা বিষয়ৰ ওপৰত বত্তৃণতা প্রদান কৰাৰ সুযোগ লাভ কৰিছে৷ তদুপৰি এই বত্তৃণতামালাৰ আন এটা বিশেষত্ব হৈছে ইয়াৰ বত্তৃণতাসমূহ একেৰাহে তিনিটা ভাষাত প্রদান কৰা হৈছিল৷ শ্রীৰবিন্দৰ একান্ত অনুগামী সুবক্তা দিগন্ত বিশ্ব শর্মাই ইংৰাজী, অসমীয়া আৰু বাংলা ভাষাত এই বত্তৃণতা প্রদান কৰিছিল৷ বত্তৃণতামালাৰ মূল বিষয়বস্তু আছিল– ভাৰতীয় আধ্যাত্মিকতা, জীৱন, ভাৰতীয় সাহিত্য, কলা, ৰাজনীতি আৰু যুক্তিবাদৰ ওপৰত সৃষ্ট সমালোচনাৰ বিষয়ে আলোচনা৷ এই বত্তৃণতা অনুষ্ঠানত অনলাইনযোগে অংশগ্রহণ কৰাসকলক বিশ্ববিদ্যালয়ৰ চি এছ এইচ ডিৰ তৰফৰ পৰা প্রমাণ–পত্র প্রদান কৰা হৈছে৷ আনহাতে, এই বত্তৃণতামালাৰ সফল সামৰণিৰ পাছত পুনৰ আন এক তত্ত্বগধুৰ বিষয়ৰ ওপৰত অসম বিশ্ববিদ্যালয় আৰু ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই আই টি), গুৱাহাটীৰ পৰা বত্তৃণতা প্রদানৰ বাবে আমন্ত্রণ লাভ কৰিছে বিশিষ্ট লেখকগৰাকীয়ে৷ শ্রীমদ্ভাগৱত গীতাৰ ওপৰত অসম বিশ্ববিদ্যালয় আৰু আই আই টি, গুৱাহাটীৰ অধীনত ডেৰশটাকৈ অর্থাৎ মুঠ ৩০০টাকৈ বত্তৃণতা প্রদান কৰিব সুবক্তা দিগন্ত বিশ্ব শর্মাই৷ ভাৰতৰ স্বাধীনতাৰ ৭৫ বর্ষপূর্তি আৰু শ্রীৰবিন্দৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি অসম বিশ্ববিদ্যালয় আৰু আই আই টি, গুৱাহাটীয়ে এই ডেৰশ ঘণ্টীয়া বত্তৃণতামালাৰ আয়োজন কৰিছে৷ আই আই টি, গুৱাহাটী আৰু অসম বিশ্ববিদ্যালয়ে আয়োজন কৰা এই বত্তৃণতামালা অহা ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব৷ প্রাপ্ত তথ্য অনুসৰি অসম বিশ্ববিদ্যালয়ৰ অধীনত এই বত্তৃণতামালাও ইংৰাজীৰ লগতে অসমীয়া আৰু বাংলা ভাষাত প্রদান কৰিব বিশিষ্ট লেখকগৰাকীয়ে৷ অৱশ্যে আই আই টি, গুৱাহাটীৰ অধীনত অনুষ্ঠিত হ’বলগীয়া বত্তৃণতামালা ইংৰাজী ভাষাত অনুষ্ঠিত হ’ব৷ এই দুই শৈক্ষিক প্রতিষ্ঠানৰ অধীনত অনুষ্ঠিত হ’বলগীয়া এই অভিনৱ বত্তৃণতা অনুষ্ঠানো দেশৰ উচ্চ শিক্ষাৰ ইতিহাসত এক নতুন সংযোজন হিচাপে বিবেচিত হৈছে৷