নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ডত আফ্স্পা প্রত্যাহাৰৰ বিষয় লৈ গঠন হ’ব পর্যালোচনা কমিটী

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ সেনাৰ নির্বিচাৰ গুলীত ১৪জনকৈ নিৰীহ লোক নিহত হোৱা ঘটনাক লৈ বিক্ষোভত উত্তাল হৈ থকা নাগালেণ্ডৰ পৰা সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন (আফ্স্পা) প্রত্যাহাৰৰ ইংগিত দিছে কেন্দ্রীয় চৰকাৰে৷ বিতর্কিত এই আইন প্রত্যাহাৰৰ উদ্দেশ্যে পর্যালোচনা কমিটী গঠন কৰিব বুলি ঘোষণা কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ সময়ত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ক এই কথা জনাই দিয়া হৈছে৷ মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰে এই তথ্য৷

লক্ষণীয়ভাৱে নাগালেণ্ডত সেনাৰ নির্বিচাৰ গুলীচালনাৰ শেহতীয়া ঘটনাৰ পাছতে সমগ্র উত্তৰ–পূবত আফ্স্পা প্রত্যাহাৰৰ দাবী তীব্রতৰ হৈছে৷ বিভিন্ন ৰাজ্যত প্রতিবাদী কার্যসূচী গ্রহণ কৰিছে জনসাধাৰণে৷ স্মর্তব্য যে অমিত শ্বাহৰ সৈতে বৈঠকৰ সময়ত নেফিউ ৰি’ৰ উপৰি উপস্থিত আছিল অসমৰ মুখ্যমন্ত্রী তথা উত্তৰ–পূব ভাৰতৰ বিজেপিৰ আটাইতকৈ প্রভাৱশালী নেতা ড০ হিমন্ত বিশ্ব শর্মাও৷ বৈঠকত সিদ্ধান্ত লোৱা অনুসৰি পর্যালোচনা কমিটীত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ প্রতিনিধি থাকিব৷ ইয়াৰ উপৰি থাকিব নাগালেণ্ড আৰক্ষীৰ উচ্চপদস্থ বিষয়াও৷ ৪৫ দিনৰ ভিতৰত কমিটীয়ে প্রতিবেদন দাখিল কৰিব৷ এই প্রতিবেদনৰ ভিত্তিত নাগালেণ্ডৰ পৰা বিতর্কিত আফ্স্পা প্রত্যাহাৰৰ বিষয়ক লৈ সিদ্ধান্ত গ্রহণ কৰা হ’ব৷

স্মর্তব্য যে যোৱা সপ্তাহত নাগালেণ্ড বিধানসভাত সর্বসন্মতভাৱে উত্তৰ–পূবৰ পৰা আফ্স্পা প্রত্যাহাৰৰ প্রস্তাৱ গৃহীত কৰা হৈছিল৷ বিধানসভাৰ বিশেষ অধিৱেশন আহ্বান কৰি এই প্রস্তাৱ গ্রহণ প্রক্রিয়াত নেতৃত্ব দিছিল ৰাজ্যখনৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’য়ে৷ ইয়াৰ পূর্বে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমায়ো বিতর্কিত আফ্স্পা প্রত্যাহাৰৰ দাবী উত্থাপন কৰিছিল৷ তাৎপর্যপূর্ণ বিষয়টো হৈছে নেফিউ আৰু কনৰাড দুয়োগৰাকীয়ে বিজেপি নেতৃত্বাধীন এন ডি এৰ সদস্য৷

You might also like