নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইনফাইনাইট ফাউণ্ডেচনৰ উদ্যোগত উত্তৰ গুৱাহাটীত গছপুলি ৰোপণ

বিশেষ বাৰ্তা, ৩ জুন : ইনফাইনাইট ফাউণ্ডেচনৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত কালি  গছপুলি ৰোপণ কৰা হয় । গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে উত্তৰ গুৱাহাটীৰ যুৱক দেৱাশিস ডেকা, ৰিপুঞ্জয় প্ৰকাশ দাস, কমলেশ শৰ্মা, উৎপল ভৰালী, সুমিত বড়া, ভাস্কৰ পাঠক, জয়ন্ত ৰজক, দীপক ডেকা, প্ৰণৱজ্যোতি চক্ৰৱৰ্তীয়ে । যি সময়ত পৃথিৱীত উষ্ণতা ক্ৰমাৎ বৃদ্ধি পাইছে, সেই সময়ত গছেহে যে পৃথিৱীখনক ৰক্ষা কৰিব পাৰিব, সেই কথা আজি সকলোৱে উপলব্ধি কৰিছে। সেয়ে এই যুৱককেইজনৰ প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে । যুৱককেইজনে প্ৰতি সপ্তাহত এনেদৰে গছপুলি ৰোপণ কাৰ্যসূচী চলাই যাব বুলি জানিবলৈ দিয়ে ।

You might also like