নলবাৰীত “মিছন শক্তি” অভিযানঃ নলবাৰী জিলা স্বাস্থ্য সমিতিৰ উদ্যোগ
নিয়মীয়া বাৰ্তা, ৩১ মে’ : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসমৰ উদ্যোগত সমগ্ৰ অসমতে ৩০ মে’ৰ পৰা ৫ জুনলৈ বিশেষ প্ৰাক প্ৰসৱকালীন স্বাস্থ্য পৰীক্ষা অভিযান(এ এন চি) অনুষ্ঠিত কৰা হৈছে । নলবাৰী জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত সমগ্ৰ জিলাখনতে ‘মিছন শক্তি’ নামেৰে বিশেষ অভিযান সুচাৰুৰূপে চলি আছে । শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লগতে এক সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা এই অভিযানৰ সময়ছোৱাত স্বাস্থ্য পৰীক্ষাৰ লগতে স্বাস্থ্য সজাগতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে । তদুপৰি বিনামূলীয়াকৈ ডিজিটেল স্বাস্থ্য পৰিচয় পত্ৰ প্ৰদান,সকলোধৰণৰ প্ৰসূতিকালীন চিকিৎসা সেৱা প্ৰদান,বিনামূলীয়া ঔষধ বিতৰণৰ ওপৰিও আধুনিক প্ৰযুক্তিগত ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্য সেৱা সুনিশ্চিত কৰিবলৈ পদক্ষেপ হাতত লৈছে । সুস্বাস্থ্যৰ লগতে এক সুৰক্ষিত জীৱনবোধৰ ভাৱধাৰা মানুহৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ভৱিষ্যত প্ৰজন্মক স্বাস্থ্যবান কৰি তোলাৰ মহৎ উদ্দেশ্য আগত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । স্বাস্থ্য যোগাযোগৰ জৰিয়তে ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাক জনগণৰ মাজলৈ লৈ যাবলৈ কৰা চেষ্টাৰ লগতে প্ৰগতিশীল মানসিকতা গঢ় দিয়াটো এই অভিযানৰ অন্যতম লক্ষ্য । স্বাস্থ্যৰ ক্ষেত্ৰত কৰা আপোচে মানুহৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে । চৰকাৰে জনগণক প্ৰদান কৰা উৎকৃষ্ট সেৱা নিজে গ্ৰহণ কৰাৰ লগতে আনকো এই সেৱা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উপৰিও স্বাস্থ্যসন্মত জীৱনশৈলীৰ প্ৰতি আৰ্কষিত কৰিবলৈ কৰা চেষ্টাৰ এক অন্যতম পদক্ষেপ হ’ল মিছন শক্তি । চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি তথা অন্যান্য বিনামূলীয়া সেৱাসমূহ সৰ্বস্তৰৰ জণগণৰ মাজত বহুলভাৱে প্ৰচাৰ কৰি সেইসমূহৰ গুৰুত্ব জনগণক উপলব্ধি কৰোৱাৰ ক্ষেত্ৰত চৰকাৰৰ যথেষ্ট কৰণীয় আছে । এই অভিযানৰ লগত সংগতি ৰাখি এক অনলাইন কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । এই অভিযানৰ জৰিয়তে জিলাখনৰ সংশ্লিষ্ট ৰাইজ পৰিমাণে উপকৃত হ’ব বুলি আশা কৰা হৈছে ।