নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাষণ নহয়, ৰাজ্যৰ ৰাজনীতিৰ পথাৰত কবিতা! পীয়ূষ হাজৰিকাই লিখিলে নতুন কবিতা

নিয়মীয়া বাৰ্তা, ৩১ মেঃ পুনৰ কবিতাৰ পংক্তিৰে জমি উঠিছে ৰাজনীতিৰ পথাৰখন। কালি প্ৰদেশ কংগ্ৰেছৰ সভাপিত ভূপেন বৰাই কবিতা এটি প্ৰচাৰ কৰি চৰ্চা লাভ কৰাৰ পিছত আজি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকায়ো কবিতাৰে ৰাজনীতিৰ পথাৰখন গৰম কৰি তুলিছে। কাৰো নামোল্লেখ নকৰাকৈ ৰচনা কৰা কবিতাটিৰ প্ৰতিটো শাৰীতে কংগ্ৰেছৰ প্ৰতি তীক্ষ্ণ বাণ এৰি মন্ত্ৰীগৰাকীয়ে। বিগত কেইবাটাও নিৰ্বাচন, কংগ্ৰেছ দলৰ বিপৰ্যয়, ৰাজীৱ ভৱন বিক্ৰী আদি দিশসমূহ উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। উল্লেখ যে আজিকালি যিকোনো ধৰণৰ কথা ভূপেন বৰাই কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰাৰ প্ৰৱণতা সৃষ্টি কৰা পৰিলক্ষিত হোৱা দেখা গৈছে। লগতে ভূপেন বৰাৰ প্ৰতিটে কবিতাৰে উত্তৰ কবিতাৰ জৰিয়তেই দি আহিছে মন্ত্ৰী হাজৰিকাই। কিন্তু আজি লিখা কবিতাটোৰ পিছত মন্ত্ৰীগৰাকীয়ে কাৰো নাম উল্লেখ নকৰা বুলি কোৱাৰ লগতে কাকো সাঙুৰিব খোজা নাই। কিন্তু কবিতাটোৰ  প্ৰতিটো বাক্যই কাক লক্ষ্য কৰি লৈছে, সেয়া উল্লেখৰ নিষ্প্ৰয়োজন। মন্ত্ৰী হাজৰিকাই লিখা কবিতাটো এনেধৰণৰ-

সাতটা ইলেকচনত
হ’লো মই পৰাস্ত
আঠটাত হাৰি হ’ম
সৰ্বশ্ৰান্ত
নাযাওঁ মই প্ৰচাৰত
কৰিম মই কংগ্ৰেছ দল ধ্বংস।
ৰাজীৱ ভৱনত
কমাৰ্চিয়েল কমপ্লেক্স বনাম,
টিকট বিক্ৰী কৰাৰ দৰে
ৰাজীৱ ভৱন বিক্ৰী কৰি
লুটিপুটি খাম।

You might also like