নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঁহজানীত বান শিবিৰ পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ নলবাৰী জিলাৰ বাঁহজানীৰ পূৱ কালাকুছি,দেহৰ কালাকুছি,পশ্চিম খাটাৰ কালাকুছি, কুমাৰিকাটা,চৰিয়া মাকালডোবা,জাহা, মাধাপুৰৰ আংশিক ভাৱে আৰু মধ্য বাঁহজানীৰ চেৰাবাৰী, ভেলেবাৰী,মণ্ডল চুবুৰীৰে ধৰি এচামত বিগত কেইদিনৰ ধাৰাষাৰ বৰষুণৰ লগতে এচামে পৰিকল্পনাহীন ভাৱে ফিচাৰি খন্দা আৰু জাহা জান,সতীৰকুৰ জানত অবৈধ বেদখলৰ বাবে কৃত্ৰিম বানে প্ৰাণ?তি বাৰিষাই ৰাইজৰ নাজল নাথল অৱস্থাৰ সৃষ্টি কৰে।যত এইবাৰো বানগ্ৰস্তক ৰখাৰ বাবে দুটাকৈ শিবিৰো প্ৰশাসনে স্হাপন কৰিছিল।আজিকে ধৰি দুদিনে স্থানীয় বিধায়ক তথা ৰাজ্যৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আঞ্চলিক সদস্য জচিম আলী, জ্যেষ্ঠ নেতা অভিৰাম ডেকা,পূৱ নলবাৰী মণ্ডল বিজেপিৰ সভাপতি প্ৰতুল কলিতা,জিলা সম্পাদক অঞ্জন ডেকা, কোষাধ্যক্ষ পংকজ ডেকা, বিষয়ববীয়া মিন্টু তামুলী,তাপচ ঠাকুৰীয়া, গোবিন্দ ডেকা,নৱ কুমাৰ ডেকা,নয়নজ্যোতি কৌশিক,অনুপম মেধি,ফনিল মেধি, দিপুল বৰ্মন, বেদান্ত কলিতা,ভূপেন তালুকদাৰ, উত্তম তালুকদাৰ,জিন্টু শৰ্মা সহ ভালেমান কৰ্মীৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াৰ সৈতে বান শিবিৰ পৰিদৰ্শন কৰে।ইফালে ৰাইজৰ অভাৱ অভিযোগৰ খবৰ কৰি পৰ্যায়ক্ৰমে সমাধানৰ আশ্বাস দিয়ে। আনহাতে সংবাদ মাধ্যমেৰে বাৰ্তালাপত মন্ত্ৰী বৰুৱাই কয় যে দক্ষিণ বাঁহজানী একমাত্ৰ জাহা জানৰ চেনেলটো বিভিন্ন কাৰণত বন্ধ হৈ থকাৰ বাবেই বান হয়। অঞ্চলটোৰে নহয় নলবাৰী চৰহৰৰো কিছু পানী এই জানটোৰে ওলাই গৈ ব্ৰহ্মপুত্ৰত পৰে। জানটো সম্পূৰ্ণ ক্লিয়াৰ কৰিব নোৱাৰিলে ইয়াৰ বান হৈয়ে থাকিব। গতিকে এই জানৰ কোনো ঠাইত যদি দখল কৰা হৈছে তাক লক্ষ্য ৰাখিব লাগিব।জলাশয় বেদখলকাৰীক সহ্য কৰা নহয়।দৰকাৰ হলে আৰক্ষীৰ সহযোগত এই জান ক্লিয়াৰ কৰা হব।ইতিমধ্যেই ৰাজহঁ চক্ৰ বিষয়াক নিৰ্দেশ দিয়া হৈছে।তদুপৰি  ভবিষ্যত বান নোহোৱা কৰাৰ দিশত বিজ্ঞানসন্মত ভাৱে প্ৰকল্প লোৱা হব।কিন্তু এই ক্ষেত্ৰত ৰাইজে সহযোগ নকৰিলে মোৰ উপাই নাই আৰু নহলে এনেদৰে প্ৰতি বাৰিষাই কৃত্ৰিম বানত অঞ্চলটোৰ ৰাইজে ভুগিব লাগিব।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা
You might also like