নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহবিৰোধী দিৱস পালন

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে আজি চিৰাং জিলাতো আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে জিলাখনৰ চিদলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত উৰ্বশী ব্ৰহ্ম উচ্চ মাধ্যমিক বিদ্যালয়ত এক সজাগতা সভা তথা বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ক্ৰুছেৱ গয়াৰীৰ পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ খণ্ড সমন্বয়ক ডাঃ উত্তম কুমাৰ বিশ্বাসে। সমল ব্যক্তি হিচাবে উপস্থিত থাকে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ স্বাস্থ্য বিষয়া ডাঃ কুমুদ শৰ্মা আৰু এন চি ডিৰ জিলা সমন্বয়ক কৰ্ণ বৰ্মণ, ডাঃ ষ্টেফী বসুমতাৰী। চিকিৎসক সকলে নিচাযুক্ত দ্ৰব্যৰ ভয়াবহতা আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় সম্পৰ্কে বিষদভাৱে আলোচনা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক এই বিষয়ে সজাগ হৈ থকাৰ লগতে জনসাধাৰণৰ মাজতো সজাগতা সৃষ্টি কৰাৰ বাবে আহ্বান জনায়। অনুষ্ঠানত আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় শিশু কাৰ্যক্ৰমৰ স্বাস্থ্য বিষয়া ডাঃ আব্দুল আব্বাছ, ডাঃ সুপ্ৰিয়া সিনহা ও উপস্থিত থাকে।

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like